ওদালগুৰি এনকাউন্টাৰ বিতৰ্ক! ঘটনাস্থলীত উপস্থিত চিআইডি দল...

ওদাগুৰিৰ দৈফাং বজাৰৰ মাথি দৈমাৰীৰ বাসগৃহত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ বাবে বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হয় চি আই ডিৰ দল

author-image
Asomiya Pratidin
New Update
ওদালগুৰি এনকাউন্টাৰ বিতৰ্ক! ঘটনাস্থলীত উপস্থিত চিআইডি দল...

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদাগুৰিৰ দৈফাং বজাৰৰ মাথি দৈমাৰীৰ বাসগৃহত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ বাবে বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হয় চি আই ডিৰ দল ৷ অমৃত ভূঞাৰ নেতৃত্বত অহা তিনিজনীয়া দলটোৱে পোনতে ৰৌতা থানাত উপস্থিত হোৱাৰ পিছতে দৈফাঙৰ ঘটনাস্থলী অৰ্থাৎ মাথি দৈমাৰীৰ বাসগৃহত উপস্থিত হয়। বহু সময় ধৰি সোধ পোছ কৰে মাথিৰ লগতে কাষৰীয়া ৰাইজক৷

Advertisment

ইয়াৰ পিছতেই দলটো ওৰাঙৰ পানবাৰীৰ পাচনৈ দাঁতিলৈ ৰাওনা হয়। পাচনৈতেই আৰক্ষীৰ গুলীত নিহত লোকজনক কেনাৰাম বসুমতাৰী বুলি চিনাক্ত কৰি পৰিয়ালক চমাজাই দিছিল আৰক্ষীয়ে ৷ কিন্তু এই ঘটনাত নিহত হৈছিল কেনাৰামৰ সহযোগী ডিম্বেশ্বৰ মুছাহাৰী৷ মৃতদেহ বিভ্ৰাটৰ বাবে পিছত মৃতদেহ খনন কৰি গুৱাহাটীলৈ নিয়া হয় ৷

সমগ ঘটনাৰ সম্পৰ্কত মূখ্যমন্ত্ৰীয়ে চি আই ডি ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পিছত আজি অমৃত ভুঞাৰ নেতৃত্বত অহা CID ৰ দলে তদন্ত আৰম্ভ কৰিছে আৰু প্ৰায় দুসপ্তাহ সময়ত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰে৷ ইফালে CID ৰ দলটোৰ সোধপোছৰ সম্পৰ্কত মাথি দৈমাৰীয়ে এইদৰে কয়৷

Also Read: ''সত্যৰ জয় হ'ব'' উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আদৰণি গৌতম আদানীৰ

udalguri encounter Assam police