/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c44ed4ca-07ce-443b-9884-5538031fcb9e/jayanta.jpg)
ডিজিটেল সংবাদ, চাপৰমুখ: এটা জাতিৰ ইতিহাসৰ সমল যোগোৱাৰ ক্ষেত্ৰত এখন স্মৃতি গ্ৰন্থৰ বিশেষ ভূমিকা থাকে আৰু এনে স্মৃতি গ্ৰন্থবোৰে নতুন প্ৰজন্মক জাতিৰ ইতিহাস,পৰিচয়ৰ সমল যোগায়- এই মন্তব্য সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ। ৰহাৰ টোপাকুছি বাটমাৰী পথাৰত ২৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা চুতীয়া যুৱ সন্মিলন,অসমৰ মহাৰজত জয়ন্তীৰ যুৱ মহোৎসৱৰ দেওবাৰৰ অন্তিম দিনা অনুষ্ঠিত হোৱা মুকলি সভাত স্মৃতি গ্ৰন্থ 'মিঠাহুলোং' উন্মোচন কৰি এই মন্তব্য কৰে বৰুৱাই।
অসম বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগেয়েই উজনি অসমৰ এটা শক্তিশালী জাতি চুতীয়া জাতি আছিল বুলি মন্তব্য কৰে বৰুৱাই। তেওঁ কয় যে এই জাতিটোক মিত্ৰতা আৰু কেতিয়াবা ৰাজনৈতিক কৌশলৰে একত্ৰিত কৰি আহোম ৰাজশাসনত জড়িত কৰি লোৱা হৈছিল । পৰৱৰ্তী সময়ত ৰজাৰ নিজৰ গুণগান গৰিমাৰ পৰিৱৰ্তে প্ৰজাসকল বঞ্চিত হোৱাৰ দৰে এই চুতীয়া জাতিটোৰ অৱদানো অৱহেলিত হৈ ৰ'ল বুলি তেওঁ কয় ।
বিভিন্ন পাকচক্ৰত এই জাতিটোৱে অসমৰ আন কেবাটাও জাতি জনগোষ্ঠীৰ দৰে নিজৰ অস্তিত্ব হেৰুৱাব লগীয়া হৈছে। অতীতৰ ৰজা মহাৰজাৰ দিনত ৰজাই প্ৰজাৰ দুখ বেদনাৰ কথা গুৰুত্ব নিদিয়াৰ বাবেই চুতীয়াৰ দৰে আদিম জাতিটোও সৰ্বতে আজিও বঞ্চিত হৈ থাকিল বুলি কয়।
বৰুৱাই সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ 'অতীতৰ বুৰঞ্জীত লিখকে লিখিলে ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জীত লিখকে লিখিছে পাইয়ো হেৰুওৱাৰ বেথা' গীতৰ উদ্ধৃতি দি অতীতত ৰজাই নিজৰ ৰাজ শাসন,নিজৰ বীৰত্ব আদিতহে গুৰুত্ব দি প্ৰজাৰ দুখ বেদনাক গুৰুত্ব নিদিয়াত এসময়ত চাওলুঙ চুকাফাৰ বৰ অসমৰ বলিষ্ঠ অংশীদাৰ মহীয়ান জাতি চুতীয়া, চিংফৌ,দেউৰী আদিকে ধৰি জনগোষ্ঠীয়ে নিজৰ স্বকীয় বৈশিষ্ট্য হেৰুৱাই পেলালে বুলি কয়। আজিৰ এই স্মৃতি গ্ৰন্থখনে নতুন প্ৰজন্মক চুতীয়া জাতিৰ ইতিহাস জানিবৰ বাবে বহুতো সমল দিয়াৰ লগতে চুতীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনক আগুৱাই নিয়াৰ বাবে চুতীয়া জাতি যুৱ সন্মিলনে আৰম্ভ কৰা সংগ্ৰামখনক আগুৱাই নিয়াত অধিক সাহস আৰু অনুপ্ৰাণিত কৰিব বুলিও কয় সম্পাদকগৰাকীয়ে।
ভাষণ প্ৰসংগত স্বত্বাধিকাৰী বৰুৱাই সাদিন-প্ৰতিদিন গোষ্ঠী অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীৰ লগত সদায় আছে আৰু ভবিষ্যতেও থাকিব বুলি কয়। লগতে কয় যে অসমৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন শক্তিশালী বৰ অসম গঢ়াত আগভাগ ল'বলৈ অসমৰ আদিম জাতি হিচাপে চুতীয়া সকলক আগভাগ ল'বলৈও আহ্বান জনায়।
চুতীয়া যুুৱ সন্মিলন, অসমৰ সভাপতি মোহন চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চুতীয়া যুৱ সন্মিলন,অসমৰ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াই সম্পাদকীয় ভাষণত বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চুতীয়া জাতিৰ উল্লেখযোগ্য ভূমিকা আছে বুলি কয়। তেওঁ কয় যে কালৰ সোঁতত আৰু সামাজিক আৰু ৰাজনৈতিক কাৰণত এই জাতিটোৱে নিজৰ ভাষা সংস্কৃতি আৰু অস্তিত্ব তথা সাংবিধানিক অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে।
চুতীয়া জাতিৰ জনজাতিকৰণ আৰু জাতিৰ প্ৰাপ্য অধিকাৰৰ দাবীত চুতীয়া জাতিয়ে ঐক্যবদ্ধ আন্দোলন আৰম্ভ কৰিছে বুলি উল্লেখ কৰি অচিৰেই আমি আমাৰ নায্য অধিকাৰ আজুৰি আনিবলৈ সক্ষম হ'ম বুলি আশা প্ৰকাশ কৰে। ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2d7787da-963c-4cf3-817f-55aa38093aca/468bc210_9372_44b0_90c3_d3d3fc27601c.jpg)
মুকলি সভাখনত উপস্থিত থাকি চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ দিব লাগে বুলি মন্তব্য কৰে। লগতে চৰকাৰে চুতীয়া জাতিৰ ৰীতিনীতি ,কৃষ্টি সংস্কৃতি,ঐতিহাসিক কৃতি চিহ্ন আদি সংৰক্ষণৰ ওপৰিও জাতিটোক পুনৰুদ্ধাৰৰ বাবে গুৰুত্ব নিদিয়াত জাতিটো ক্ৰমাৎ হেৰাই যাব ধৰা বুলি অভিযোগ কৰে।
চুতীয়া জাতি যুৱ সন্মিলন,অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াই আঁত ধৰা সভাখনত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱা, উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া, প্ৰাঞ্জলৰাজ খনিকৰ,চুতীয়া মহিলা উন্নয়ন পৰিষদ,অসমৰ সভানেত্ৰী জয়া বৰুৱা, চুতীয়া ছাত্র সন্হাৰ সভাপতি মহেন বৰা,চুতীয়া স্বায়ত্ব শাষিত পৰিষদ দাবী সমিতিৰ সভাপতি ধৰ্মপ্ৰাণ চুতীয়া, চুতীয়া যুৱ সন্মিলণ,অসমৰ কাৰ্যকৰী সভাপতি নৃপেন খনিকৰ,উপদেষ্টা নৃপেন শইকীয়া,মাছৰ সচিবপ্ৰধান লক্ষীপ্ৰসাদ ডেকা, সমাজকৰ্মী বিণু লস্কৰ ঠাকুৰীয়া,হেমপ্ৰভা বৰদলৈ আদিও উপস্থিত থাকে।সভাত গীত নৃত্য ও প্ৰদৰ্শন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/76ab5730-5219-463f-9c57-ff84398eb8ff/b10cd290_ab6b_4570_bb97_7aa83d18c4d8.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/935bbdd3-8c98-4b9f-ab19-910f376e57ad/302a8e23_dfe2_4fef_b03b_0474af9cfa9a.jpg)
ইপিনে ইয়াৰ আগে আজি পুৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে ঐতিহাসিক ৰহা অঞ্চল।দিনৰ ১১ বজাত মহোৎসৱথলী বাটমাৰী পথাৰৰ পৰা আগত হাতীলৈ গায়ন বায়ন,বিহুনৃত্য,চুতীয়া, তিৱা আদিকে ধৰি অসমৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি ৰহাৰ মাজেৰে উলিওৱা আকৰ্ষণীয় শোভাযাত্ৰাই ঐতিহাসিক ৰহা অঞ্চল মুখৰিত কৰি তোলে।এই শোভাযাত্ৰা উদ্ধোধন কৰে চুতীয়া যুৱ সন্মিলন,অসমৰ উপদেষ্টা নৃপেন শইকীয়াই।নিশা মহোৎৱৰ সামৰণিৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী নীল আকাশে গীত পৰিবেশন কৰে।
আৰু পঢ়ক: পেট্ৰ'ল প্ৰতি লিটাৰ ৩৫ টকা, কেৰাচিনত প্ৰতি লিটাৰ ১৮ টকাকৈ বাঢ়িব মাজৰাতিৰ পৰা!