পেট্ৰ'ল প্ৰতি লিটাৰ ৩৫ টকা, কেৰাচিনত প্ৰতি লিটাৰ ১৮ টকাকৈ বাঢ়িব মাজৰাতিৰ পৰা!

প্ৰতি লিটাৰ পেট্ৰ'লত ৩৫ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।একেদৰে প্ৰতি লিটাৰ ডিজেলতো ৩৫ টকাকৈ অধিক ভৰিব লাগিব গ্ৰাহকে।
পেট্ৰ'ল প্ৰতি লিটাৰ ৩৫ টকা, কেৰাচিনত প্ৰতি লিটাৰ ১৮ টকাকৈ বাঢ়িব মাজৰাতিৰ পৰা!

ডিজিটেল ডেস্ক: প্ৰতি লিটাৰ পেট্ৰ'লত ৩৫ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।একেদৰে প্ৰতি লিটাৰ ডিজেলতো ৩৫ টকাকৈ অধিক ভৰিব লাগিব গ্ৰাহকে। ২৯ জানুৱাৰীৰ পৰা হ'ব লগা এই মূল্যবৃদ্ধি কেৰাচিনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব।

প্ৰতি লিটাৰ কেৰাচিনত ১৮ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে পাকিস্তান চৰকাৰে। পাকিস্তানৰ বিত্ত মন্ত্ৰীয়ে এই সন্দৰ্ভত টুইট কৰি পেট্ৰ'ল, ডিজেল আৰু কেৰাচিনৰ নতুন মূল্য নিৰ্ধাৰণ কৰিছে।

পাকিস্তানত পেট্ৰ'লৰ নতুন মূল্য হ'ব ২৪৯.৮০টকা । আনহাতে হাইস্পীড ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২৬২.৮০ টকা। লাইট ডিজেলৰ মূল্য ১৮৭ প্ৰতি লিটাৰত। কেৰাচিনৰ মূল্য ১৮৯.৮০ টকা হ'ব।

অৱশ্যে পাকিস্তানে এয়া ন্যুনতম মূল্যবৃদ্ধিহে আখ্যা দিছে। তেওঁ লগতে এয়াও কয় যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ছৈয়বা ছৰীফৰ নিৰ্দেশ মৰ্মে এই মূল্যবৃদ্ধি ঘটোৱা হৈছে। গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা দেশখনত বয়-বস্তুৰ অধিক মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক কোঙা কৰি পেলাইছে।

এই পৰিস্থিতি অব্যাহত থাকিলে অহা ফেব্ৰুৱাৰীৰ ভিতৰত দেশখনত আকৌ পেট্ৰ'ল, ডিজেলৰ মূল্য ৪৫ ৰ পৰা ৮০ টকা বৃদ্ধি কৰাৰ সম্ভাৱণা আছে।

আৰু পঢ়ক: উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰীক নিচেই কাষৰ পৰা গুলীয়ালে আৰক্ষীৰ উপ-পৰিদৰ্শকে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in