Advertisment

বিশিষ্ট কবি, সাহিত্যিক অনুপ্ৰভা হাজৰিকাৰ বিয়োগ...

বিশিষ্ট কবি, সাহিত্যিক অনুপ্ৰভা হাজৰিকাৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
বিশিষ্ট কবি, সাহিত্যিক অনুপ্ৰভা হাজৰিকাৰ  বিয়োগ...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট হালধীআটি গাঁৱৰ বিশিষ্ট কবি, সাহিত্যিক তথা শিক্ষয়িত্ৰী অনুপ্ৰভা হাজৰিকাৰ শনিবাৰে নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত ৪৭ বছৰ বয়সত অকাল মৃত্যু হয় । ‘এমুঠি জোনাক' নামৰ কাব্য গ্ৰন্থৰ স্ৰষ্টা অনুপ্ৰভাৰ মৃত্যুত শোকস্তব্ধ বকলীয়াঘাটৰ বিভিন্ন দল সংগঠন ৷

Advertisment

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ লগতে কাৰ্বি আংলং জিলা সমিতিৰো সহ সম্পাদিকা আছিল অনুপ্ৰভা হাজৰিকা ৷ বকলীয়াঘাট সাৰ্বজনীন বিহু সমিতিৰ স্মৃতিগ্ৰন্থ 'কেতেকী'ৰ সম্পাদিকা হোৱাৰ উপৰি ধৰ্ম অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ 'নামামৃত'ৰ প্ৰাক্তন সম্পাদিকা আছিল অনুপ্ৰভা হাজৰিকা ৷

বোকাখাতৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে বিগত বৰ্ষত তেওঁক প্ৰদান কৰিছিল 'কাব্য সৌৰভ‘ বঁটা ৷ বকলীয়াঘাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰে জড়িত আছিল সৰবৰহি মহিলা গৰাকী ৷

শোকস্তব্ধ বকলীয়াঘাটৰ অগ্ৰণী মহিলাসকলে তেওঁৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰে ৷ মৃত্যুৰ সময়তঅনুপ্ৰভা হাজৰিকাই এটি কণমানি কন্যা সন্তান, স্বামীৰ লগতে পৰিয়ালক ইহ সংসাৰত এৰি থৈ যায় ৷

Also Read: নগাঁৱত বিহু নৃত্য আৰু বিহু বাদন আখৰাৰ সামৰণি...

hauraghat