
ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা বিস্তৃত তথা বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উল্লেখ যে, ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে জিলা হিচাপে স্বীকৃতি পোৱা জিলা প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচীৰূপে কাৰ্যসূচী পুৱা ৬ বজাত উপায়ুক্ত কাৰ্যালয়ৰ পৰা সোণাৰি পুখুৰী হৈ পুনৰ উপায়ুক্ত কাৰ্যালয়লৈ এক চাইকেল ৰেলীৰ আয়োজন কৰা হয়।
এই ৰেলীৰ শুভাৰম্ভ কৰে উপায়ুক্ত পল বৰুৱাই। পুৱাৰ ভাগতে উপায়ুক্ত পল বৰুৱাই মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ সমান্তৰালকৈ চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰাৰ লগতে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৌজন্যত চৰাইপুং প্ৰাথমিক বিদ্যালয় আৰু পাটসাঁকো এলেকাত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়।
তদুপৰি সোণাৰি আৰু মৰাণ পৌৰসভাৰ অন্তৰ্গত এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰাঞ্চল)ৰ অধীনত ৪৯ টা গৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে, সাপেখাতিত চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত বিভাগীয় হিতাধিকাৰীসকলৰ মাজত কৃষি সা-সঁজুলি বিতৰণ কৰাৰ লগতে এখনি কৃষক মেলাৰ শুভ উদ্বোধন কৰা হয়।
আনহাতে, চৰাইদেউ জিলা লোকনিৰ্মাণ (পথ) বিভাগৰ উদ্যোগত থুকুবিল সত্ৰ পথ আৰু বনমালি তিনিআলিৰ পৰা বনমালি বাগিচা পথৰ আধাৰশিলা স্থাপন কৰা হয়।
জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলে বিভাগীয় কাৰ্যালয় প্ৰাঙ্গনত গছপুলি ৰোপণ কৰাৰ লগতে বিভাগীয় সাফল্যৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰে।
ইয়াৰ লগতে, চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলা কাৰাগাৰ, জিলা অসামৰিক চিকিৎসালয় আৰু মথুৰাপুৰস্থিত বৃদ্ধাশ্রমত আবাসীসকলৰ মাজত ফল-মূল আৰু উপহাৰ বিতৰণ কৰা হয়।
উল্লেখযোগ্য যে, উপায়ুক্ত কাৰ্যালয় প্ৰাঙ্গনত বিভিন্ন বিভাগৰ সাফল্য প্ৰতিফলিত হোৱাকৈ এখন আলোকচিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে।
উপায়ুক্ত পল বৰুৱাই উপায়ুক্ত কাৰ্যালয় প্ৰাঙ্গনত আয়োজন কৰা বিনামূলীয়া আহাৰ গ্ৰহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।