Advertisment

পুনৰ লুৰীণজ্যোতিৰ কাষলৈ ঘূৰি আহিব চিত্তৰঞ্জন বসুমতাৰী !

শীঘ্ৰে অজাপত যোগদান কৰাৰ সম্ভাৱনা

author-image
Asomiya Pratidin
New Update
পুনৰ লুৰীণজ্যোতিৰ কাষলৈ ঘূৰি আহিব চিত্তৰঞ্জন বসুমতাৰী !

পুনৰ লুৰীণজ্যোতিৰ কাষলৈ ঘূৰি আহিব চিত্তৰঞ্জন বসুমতাৰী !

ডিজিটেল ডেস্কঃ পুনৰ অসম জাতীয় পৰিষদলৈ ঘূৰি আহিত চিত্তৰঞ্জন বসুমতাৰী। এই সন্দৰ্ভত দুয়ো নেতাৰ মাজত হৈছে এক দীঘলীয়া আলোচনা। অসম জাতীয় পৰিষদ গঠনত অন্যতম মুখ্য ভূমিকা পালন কৰা চিত্তৰঞ্জন বসুমতাৰী লুৰীণজ্যোতি গগৈৰ দীৰ্ঘদিনৰ সতীৰ্থ।

Advertisment

২০২১ লোকসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা কৰা চিত্তৰঞ্জন বসুমতাৰীয়ে মাজুলীৰ উপ-নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিছিল। পৰৱৰ্তী সময়ত অৱশ্যে ব্যক্তিগত কাৰণত ২০২২ ৰ মে' মাহত ৰাজনীতি ত্যাগ কৰিছিল চিত্তৰঞ্জন বসুমতাৰীয়ে।

কিন্তু শেহতীয়াকৈ হোৱা চৰ্চা অনুসৰি পুনৰ লুৰীণজ্যোতিৰ কাষলৈ উভতি আহিব চিত্তৰঞ্জন বসুমতাৰী। যদি সেয়াই হয় তেন্তে ডিব্ৰুগড় লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা লুৰীণজ্যোতি গগৈৰ যে শক্তি আৰু কিছু বৃদ্ধি পাব সেয়া নিশ্চিত।

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাত এই দুয়োজন নেতাই একেলগে কাম কৰিছিল। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত লুৰীণজ্যোতিৰ সমান্তৰালকৈ আছুক নেতৃত্ব দিছিল চিত্তৰঞ্জন বসুমতাৰীয়ে। লুৰীণজ্যোতিক ৰামৰ লগত তুলনা কৰি নিজকে লক্ষ্মণৰ দৰে সদায় লুৰীণজ্যোতিৰ সৈতেও থাকিব বুলি ঘোষণা কৰিছিল বসুমতাৰীয়ে।

Also Read: গুৱাহাটীত উদ্ধাৰ ঘিলামৰাৰ যুৱকৰ মৃতদেহ...

লুৰীণজ্যোতি গগৈ অসম জাতীয় পৰিষদ