প্ৰসংগ- প্ৰধান শিক্ষক নিযুক্তি: চিৰাঙতো শ-শ শিক্ষকে ঘূৰাই দিলে চৰকাৰী টেবলেট...

কাজলগাঁও মহকুমা অন্তৰ্গত চিদলী শিক্ষাখণ্ড কাৰ্যালয়ত প্ৰায় ৪০০খন বিদ্যালয়ৰ টেবলেট ঘূৰাই দিলে শিক্ষকসকলে...

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- প্ৰধান শিক্ষক নিযুক্তি: চিৰাঙতো শ-শ শিক্ষকে ঘূৰাই দিলে চৰকাৰী টেবলেট...

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যত প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকৰ ব্যতিক্ৰমী প্ৰতিবাদ। প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিৰ্ধাৰণ কৰি দিয়া ২১ মে'ৰ সময়সীমা উকলি যোৱাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰাত সোমবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায় প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰতিবাদ।

Advertisment

ঠিক একেই প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল চিৰাং জিলাতো। প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে স্কুলসমূহলৈ দিয়া টেবলেটবোৰ ঘূৰাই দিয়ে বিভাগীয় কৰ্তৃপক্ষক। চিৰাং জিলাৰ কাজলগাঁও মহকুমাৰ অন্তৰ্গত চিদলী খণ্ড কাৰ্যালয়ত প্ৰায় ৪০০খন বিদ্যালয়ৰ শিক্ষকে টেবলেটসমূহ ঘূৰাই দিয়ে।

দিনৰ প্ৰায় দুই বজাত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে বেংতলস্থিত চিদলী শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয়ত ঘূৰাই দিয়ে টেবলেটসমূহ। এই সময়ছোৱাত সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ উপ-সভাপতি কামিনী বসুমতাৰী, সাধাৰণ সম্পাদক থানেশ্বৰ ব্ৰহ্ম নাৰ্জাৰী, চিৰাং জিলা সমিতিৰ সভাপতি কনচাই বসুমতাৰী, সম্পাদক দীপক বসুমতাৰী, কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি কেশৱ ছেত্ৰী, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজকুমাৰ ৰায় উপস্থিত থাকে।

Also Read: গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ সভা: মালিক পক্ষৰ বিৰুদ্ধে সৰৱ কৰ্মচাৰী...

education department of assam