অসম চৰকাৰৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু "অন্ন সেৱা সপ্তাহ" আচঁনিক বুঢ়া আঙুলি চিৰাঙৰ ৰেচন ডিলাৰৰ

অসম চৰকাৰৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু "অন্ন সেৱা সপ্তাহ" আচঁনিক বুঢ়া আঙুলি চিৰাঙৰ ৰেচন ডিলাৰৰ

author-image
Asomiya Pratidin
New Update
অসম চৰকাৰৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু "অন্ন সেৱা সপ্তাহ" আচঁনিক বুঢ়া আঙুলি চিৰাঙৰ ৰেচন ডিলাৰৰ

ডিজিটেল সংবাদ,চিৰাংঃ অসমৰ চৰকাৰে দুখীয়া দৰিদ্ৰ লোক সকলৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ লগতে "অন্ন সেৱা সপ্তাহ" অধীনত ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ দ্বাৰা বিতৰণ ব্যৱস্থাক গুৰুত্ব দিছে। সেই সময়তে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত ৰেচন ডিলাৰ বিৰুদ্ধ বিভিন্ন আচিলাৰে হিতাধিকাৰীক চাউল কম যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি ৰুণীখাতাৰ সুলভ মূল্যৰ দোকানী বিমল বসুমতাৰীয়ে ১০ কিলোগ্ৰাম চাউল লাভ কৰা ৰেচনকাৰ্ডৰ হিতাধিকাৰী সকলক ১০ কিলোগ্ৰামৰ পৰিবৰ্তে ৯ কিলোগ্ৰাম চাউল যোগান ধৰি আছে । ৰেচন ডিলাৰ বিমল বসুমতাৰীয়ে হিতাধিকাৰী সকলৰ পৰা মেচিনত আঙুলিৰ ছাপ লোৱাৰ পিছত ৰচিদত ১০ কিলোগ্ৰাম ওজনৰ কথা উল্লেখ থাকে যদিও উক্ত ৰচিদৰ ওলোটা দিশত কলমেৰে ৯ কিলোগ্ৰাম লিখি ৰচিদখন নিজৰ লগত ৰাখি দা হিতাধিকাৰী সকলক ৯ কিলোগ্ৰাম চাউল নিবলৈ বাধ্য কৰে ।

ৰেচন ডিলাৰ জনৰ এই কাণ্ডৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হোৱাৰ পিছত ৰেচন ডিলাৰ বিমল বসুমতাৰীয়ে কয় যে আমি সমবায়ৰ পৰা চাউলৰ বস্তা সমূহ অনাৰ সময়ত বহু চাউল বিনষ্ট হয়, সেই বিনষ্ট চাউলখিনি আমাক কোনেও নিদিয়ে যাৰ কাৰণে প্ৰতিজন হিতাধিকাৰীৰ পৰা কিলোগ্ৰাম প্ৰতি ৫০ - ১০০ গ্ৰাম চাউল কম কৰি দিয়া হয় । এই চাউল কম অকল তেওঁ দিয়ে তেনেকুৱা নহয় ৰুণীখাতা অঞ্চল অধিকাংশ ৰেচন ডিলাৰে পৰিমাণতকৈ কম চাউল দি আছে বুলি মন্তব্য কৰে ।

পৰিমাণতকৈ কম চাউল দিয়া সন্দৰ্ভত জিলা ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ বিষয়াই অৱগত বুলি দাবী কৰে । ইয়াৰ মাজতে যদি কোনো সচেতন হিতাধিকাৰীয়ে চাউল কিয় কম দি আছে বুলি প্ৰশ্ন কৰে তেতিয়া বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি কয় যে মই চাউল কম দিমেই, মোৰ উপায় নাই, তহঁতে কাক কি কৰিবি , কাক অভিযোগ দিবি দি থাক কৈ পঠিয়াই দিয়ে ।

Also Read: ভিডিঅ' যোগে প্ৰধানমন্ত্ৰী মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি