গুদামতে পচিল ৬০০ বস্তা চাউল

অৱশেষত সকলোৱেই আশংকা কৰা ধৰণে মানুহৰ খোৱাৰ অনুপযোগী হৈ পৰিছে বাসুগাঁৱৰ প্ৰশাসনৰ দ্বাৰা জব্দ কৰা ৬০০ বস্তা চাউল ।

author-image
Asomiya Pratidin
New Update
গুদামতে পচিল ৬০০ বস্তা চাউল

ডিজিটেল সংবাদ, চিৰাং: অৱশেষত সকলোৱেই আশংকা কৰা ধৰণে মানুহৰ খোৱাৰ অনুপযোগী হৈ পৰিছে বাসুগাঁৱৰ প্ৰশাসনৰ দ্বাৰা জব্দ কৰা ৬০০ বস্তা চাউল ।অসম ৰাজ্যিক স্বাস্থ্য পৰীক্ষাগাৰৰ ফলাফলত উল্লেখ কৰা হৈছে যে বাসুগাঁও চহৰৰ ধানবজাৰ স্থিত বাসুগাঁও ট্ৰেডিং কো-অপাৰেটিভ ছচাইটিৰ গুদামত মজুত কৰি ৰখা চাউল খিনি মানুহৰ খোৱাৰ অনুপযোগী হৈ পৰিছে ।

Advertisment

উল্লেখ্য যে ২০২১ চনৰ জুলাই মাহত ক'ভিড ৰ আংশিক লকডাউন চলি থকা সময়তে অসাধু ব্যবসায়ী চক্ৰ এটাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৬০০ বস্তা চাউল ট্ৰাক যোগে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে দি লৈ যোৱাৰ সময়ত চিদলী থানাৰ আৰক্ষীয়ে জব্দ কৰিছিল । প্ৰায় এমাহ চিদলী থানাত মুকলি আকাশৰ তলত থকাৰ পিছত ১১ আগষ্টত চিৰাং জিলা অসামৰিক খাদ্য যোগান বিভাগ সহযোগত জব্দ কৰা ৬০০ বস্তা অৰ্থ্যাৎ ৩০০ কুইণ্টল চাউল বাসুগাঁও ট্ৰেডিং কো-অপাৰেটিভ ছচাইটিৰ গুদাম এটা ভাৰা হিচাপে লৈ জমা কৰি ৰাখিছিল ।

দুৰ্ভাগ্যজনক কথা যে আৰক্ষী প্ৰশাসনৰ দ্বাৰা জব্দ কৰা ৩০০ কুইণ্টল চাউল জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱহেলা আৰু দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ডৰ বাবে প্ৰায় ১৮ মাহ গুদামত পৰি থাকিল । এই বাতৰি যোৱা ১৬ ডিচেম্বৰ তাৰিখে বিস্তাৰিত ভাবে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰকাশিত হৈছিল । এই বাতৰি প্ৰকাশিত হোৱাৰ পিছত জিলা প্ৰশাসনৰ মাজত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল। বিভিন্ন দল সংগঠনৰ উপৰি সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ট হৈছিল ।

একমাত্ৰ জিলা প্ৰশাসনৰ গাফিলতিৰ বাবেই ৩০০ কুইণ্টল চাউল গুদামত এনেদৰে পৰি থাকি নষ্ট হ'ল বুলি সকলোৱেই একমুখে গৰিহণা দিছিল। প্ৰতিদিন গোষ্ঠীৰ বাতৰিৰ পিছত খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শকে গুদামত পৰি থাকি নষ্ট হৈ থকা চাউলৰ গুণাগুণ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি গুৱাহাটীৰ বামুনিমৈদাম স্থিত ৰাজ্যিক স্বাস্থ্য পৰীক্ষাগাৰত প্ৰেৰণ কৰিছিল ।

পৰীক্ষাগাৰৰ ফলাফলত স্পষ্ট ভাৱে উল্লেখ কৰা আছে যে জব্দ কৰা চাউলখিনি এই মুহূৰ্তত মানুহৰ খোৱাৰ বাবৈ উপযোগী হৈ থকা নাই ।এমুঠি চাউলৰ বাবে যিসময়ত দুখীয়া দৰিদ্ৰ লোক সকলে প্ৰতিনিয়ত হাহাকাৰ কৰে, সেই সময়তে প্ৰশাসনৰ গাফিলতিৰ বাবে ৩০০ কুইণ্টল চাউল এনেদৰে গুদামত নষ্ট হোৱাটো সহজ ভাৱে মানি লৱ পৰা নাই অসম গণ পৰিষদ দলৰ ৰাজ্যিক নেতা পবিত্ৰ কুমাৰ ৰায় । তেখেতে কয় যে সময় থাকোতে জব্দ কৰা চাউল খিনিৰ উপযুক্ত ব্যবস্থা গ্ৰহণ নকৰিলে ।

ফলস্বৰূপে চাউলখিনি মানুহৰ খাদ্যৰ উপযোগী হৈ থকা নাই বুলি স্বাস্থ্য বিভাগৰ পৰা সদৰি কৰা হৈছে । এতিয়া এই পচি যোৱা চাউল খিনি যদি জিলা প্ৰশাসনে নিবিদাৰ ব্যবস্থা কৰে তেনেহলে এই পচি যোৱা চাউলখিনি লৈ অসাধু ব্যৱসায়ী সকলে ভাল চাউলৰ সৈতে ভেজাল কৰি পুনৰ বজাৰত বিক্ৰী কৰাৰ আশংকা প্ৰকাশ কৰে । যাৰ কাৰণে নষ্ট হৈ যোৱা চাউলৰ বস্তাখিনি নিবিদাৰ ব্যবস্থা নকৰি মাটিৰ তলত পুতি থোৱাৰ পোষকতা পৰে জেষ্ঠ্য অগপ নেতা জনে।

লগতে যিসকল বিষয়াৰ হেমাহিৰ বাবে এই বৃহৎ পৰিমাণৰ চাউল গুদামত পৰি থাকি নষ্ট হ'ল সেই সকলৰ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে । এই সংক্ৰান্তত বিশিষ্ট সমাজকৰ্মী চন্দন দাসে কয় যে প্ৰতিদিন গোষ্ঠীৰ বাতৰিৰ যোগে তেখেত জানিব পাৰিছিল যে ২০২১ চনৰ জুলাই মাহত চিদলী থানাৰ আৰক্ষীয়ে জব্দ কৰি জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে বাসুগাঁও চহৰৰ এই গুদাম ঘৰত জমা কৰি ৰাখিছিল।

কেৱল জব্দ কৰিয়ে দায়িত্ব সামৰি এনেদৰে দেৰ বছৰ গুদামত পেলাই থৈ ৩০০ কুইণ্টল চাউল নষ্ট কৰা বিষয়টো অন্তত কষ্টদায়ক বুলি মন্তব্য কৰে। যি সকল বিষয়া কৰ্মচাৰীৰ ভুলৰ বাবে এই চাউল খিনি গুদামত নষ্ট হ'ল তেখেত সকলৰ বিৰুদ্ধে আইনী ব্যবস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে ।

আৰু পঢ়ক: স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অৰুণ পল চৌধুৰী আৰু নাই...

assam chirang