চিৰাঙত ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক কাৰ্যসূচীৰ শুভাৰম্ভ...

লক্ষ্য ৬২ হাজাৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰাৰ...

author-image
Asomiya Pratidin
New Update
চিৰাঙত ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক কাৰ্যসূচীৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ, চিৰাং : বিশ্ব স্বাস্থ্য সংস্থাই ২০১৪ চনতে পলিঅ' মুক্ত ভাৰত বুলি ঘোষণা কৰিছিল যদিও দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে হাতত লৈছে ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক কার্যসূচী। সমগ্ৰ দেশৰ লগত সংগতি ৰাখি দেওবাৰে চিৰাং জিলাৰ বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত জিলা উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীয়ে ফিটা কাটি পলিঅ' বুথ উদ্বোধন কৰে ।

Advertisment

ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে নিজে শিশুসকলক দুটোপাল কৈ পলিঅ' প্ৰতিষেধক খুৱাই অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। ২৮ মে' অৰ্থাৎ আজিৰ পৰা তিনিদিন ধৰি ৪৩৭ টা পলিঅ' বুথৰ সমান্তৰালভাবে মানুহৰ ঘৰে ঘৰে গৈ জন্মৰ পৰা পাঁচ বছৰৰ শিশুক ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক অভিযানৰ অধীনত প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰে ।

আজিৰ এই অনুষ্ঠানত জিলা অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, জিলা ইমিউনাইজেচন বিষয়া, বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ গন্ধেশ্বৰ হাজোং তথা বাসুগাঁও চহৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

Also Read: শিক্ষা বিভাগৰ সম্বৰ্ধনা গ্ৰহণ কৰি উভতিছিল ঘৰলৈ; পথ দুৰ্ঘটনাত প্ৰাণ গ'ল অধ্যক্ষৰ...

assam health and family welfare