শিক্ষা বিভাগৰ সম্বৰ্ধনা গ্ৰহণ কৰি উভতিছিল ঘৰলৈ; পথ দুৰ্ঘটনাত প্ৰাণ গ'ল অধ্যক্ষৰ...

চিৰাঙত বিটিচি প্ৰশাসনৰ শিক্ষা বিভাগৰ সম্বৰ্ধনা গ্ৰহণ কৰি উভতি যোৱাৰ পথত দুৰ্ঘটনা পতিত হৈ মৃত্যু গুৰুদেৱ কালীচৰণ একাডেমীৰ অধ্যক্ষৰ...
শিক্ষা বিভাগৰ সম্বৰ্ধনা গ্ৰহণ কৰি উভতিছিল ঘৰলৈ; পথ দুৰ্ঘটনাত প্ৰাণ গ'ল অধ্যক্ষৰ...

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকাত মাজনিশা শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন মটৰচাইকেল আৰোহী । মৃত মটৰচাইকেল আৰোহীজন আমটেকাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমীৰ অধ্যক্ষ বিৰ্জয় ব্ৰহ্ম।

জানিব পৰা মতে, শনিবাৰৰ নিশা চিৰাঙৰ ঢালিগাঁৱত বিটিচি প্ৰশাসনৰ দ্বাৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আশাব্যঞ্জক ফলাফল কৰা শিক্ষানুষ্ঠানৰ অধ্যক্ষসকলৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতিছিল বিৰ্জয় ব্ৰহ্মই। উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পৰাই আমটেকাস্থিত গুৰুদেৱ কালীচৰণ একাডেমীৰ অধ্যক্ষ গৰাকীয়ে ঘৰলৈ উভতি যোৱাৰ সময়ত আনুমানিক নিশা ১:৩০ বজাত আমটেকা সমীপতে মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱতি লয় ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নিৰ্জন এলেকা হোৱাৰ বাবে নিশা বিৰ্জয় ব্ৰহ্মৰ মৃতদেহ পথৰ ওপৰতে পৰি থাকে। দেওবাৰৰ পুৱা খবৰ লাভ কৰি কয়লা ময়লা আৰক্ষী চকীৰ পৰা আৰক্ষীৰলোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। প্ৰাক্তন এবছু নেতা তথা গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমীৰ অধ্যক্ষ বিৰ্জয় ব্ৰহ্মৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।

শিক্ষা বিভাগৰ সম্বৰ্ধনা গ্ৰহণ কৰি উভতিছিল ঘৰলৈ; পথ দুৰ্ঘটনাত প্ৰাণ গ'ল অধ্যক্ষৰ...
মুছলপুৰত তৃণমূল কংগ্ৰেছৰ বিটিআৰ সমন্বয়ৰক্ষী সমিতিৰ সংবাদ মেল...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in