পঞ্চায়ত কেলেংকাৰী: এইবাৰ চিৰাঙত পি এম এ ওৱাইৰ গৃহ নিৰ্মাণৰ নামত কেলেংকাৰীৰ অভিযোগ...

চিৰাঙৰ ৰুণীখাতাৰ আশ্ৰাবাৰী ভিচিডিচি এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত সভাপতি/সদস্যৰ বিৰুদ্ধে ব্যাপক অনিয়ম কৰাৰ অভিযোগ...
পঞ্চায়ত কেলেংকাৰী: এইবাৰ চিৰাঙত পি এম  এ ওৱাইৰ গৃহ নিৰ্মাণৰ নামত কেলেংকাৰীৰ অভিযোগ...

ডিজিটেল সংবাদ, চিৰাং : পৰিৱৰ্তনৰ শ্লোগানেৰে বিটিচিৰ শাসনভাৰ লাভ প্ৰমোদ বড়োৰ কাৰ্যকালত বিটিআৰ এলেকাত দুৰ্নীতি অনিয়ম বন্ধ হ'ব বুলি আশা কৰা সকলে বাস্তৱ ক্ষেত্ৰত তাৰ ওলোটা ছবি দেখিবলৈ পাইছে। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এগৰাকী হিতাধিকাৰীয়ে।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা এলেকাত চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । দুখীয়া দৰিদ্ৰ হিতাধিকাৰীৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টিত হোৱাৰ ৮/৯ মাহ ওকলি যোৱাৰ পিছতো আজিলৈকে গৃহ নিৰ্মাণ হোৱা নাই । কাৰোবাৰ চোতালত যদি ঘৰ নিৰ্মাণৰ কাম প্ৰাৰম্ভিক অৱস্থাত আছে, কাৰোবাৰ ঘৰ কেৱল লোৰ ৰডেৰে এটা খুঁটা পুঁতি থোৱা অৱস্থাত আছে।

চৰকাৰী নিয়মমতে গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰী সকলৰ নিজা বেংক একাউণ্টত পৰ্যায় ক্ৰমে টকা জমা কৰা হয় আৰু সেই টকাৰে হিতাধিকাৰীসকলে নিজে গৃহ নিৰ্মাণ কৰি ল'ব লগা হয় । কিন্তু আশ্ৰাবাৰী ভিচিডিচি এলেকাত বহু হিতাধিকাৰীয়ে গৃহ নিৰ্মাণৰ টকা গৃহ নিৰ্মাণৰ সলনি আন কামত খৰচ কৰি পেলোৱাত পৰৱৰ্তী সময়ত গৃহ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাৰ দোহাই দি ভিচিডিচিৰ সভাপতি আৰু সদস্যসকলে হিতাধিকাৰীক তেওঁলোকে গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি গৃহ নিৰ্মাণৰ আবণ্টিত সমুদায় ধন হস্তগত কৰি এতিয়া গৃহ নিৰ্মাণৰ কাম বন্ধ কৰি আধৰুৱা অৱস্থাত পেলাই থোৱাৰ পৰিলক্ষিত হৈছে ।

আশ্ৰাবাৰী ভিচিডিচিৰ বাশবাৰী গাঁৱৰ বাসিন্দা বিদায় চৰণ বৰগয়াৰী নামৰ হিতাধিকাৰী জনে সংবাদ মাধ্যমৰ আগত কয় যে, বাশবাৰী গাঁৱৰ ভিচিডিচি সদস্য গজেন বৰগয়াৰীয়ে "তোমালোকে নিজাববীয়াকৈ ঘৰ বনাব নোৱাৰিবা আমাৰ গাঁৱৰ সব চৰকাৰী ঘৰ আমি বনাই দিম, তোমাৰ বেংক একাউণ্টৰ পৰা টকাখিনি তুলি আমাৰ হাতত দিয়া" বুলি কোৱাৰ মৰ্মে গৃহ নিৰ্মাণৰ নামত প্ৰথম কিস্তিৰ ৩২ হেজাৰ ৫ শ টকা ভিচিডিচি সদস্য গজেন বৰগয়াৰীৰ হাতত দিয়া হয়। টকাৰ লোৱাৰ তিনিমাহৰ পিছত কিছু ইটা চোতালত পেলাই দি এটাৰ লোৰ ৰডে দি খুঁটা স্থাপন কৰি যায়।

পিছে আজি পাঁচমাহ ওকলি যোৱাৰ পিছতো ভিচিডিচি সদস্য জনে কোনো কাম কৰা নাই । ইপিনে কেইদিনমান আগতে প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত বহুকেইজনো হিতাধিকাৰীৰ পুৰণি বাসগৃহৰ যথেষ্ট ক্ষতিসাধন হয়। এতিয়া ঘৰৰ মূধচেদি বৰষুণৰ পানী ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। অতি কষ্টৰ মাজেৰে দিন যাপন কৰা দুখীয়া দৰিদ্ৰ হিতাধিকাৰী সকলে আক্ষেপ প্ৰকাশ কৰি কয় যে, আমাৰ নামত চৰকাৰী ঘৰ আবণ্টিত হোৱাৰ পিছতো কেৱল ভিচিডিচি সভাপতি আৰু সদস্য সকলৰ বাবে ঘৰৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে । এই একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বাশবাৰী গাঁৱৰ অজয় বৰগয়াৰী, এঙুৰ হাজোৱাৰী, দৰ'গাঁৱৰ প্ৰদীপ বসুমতাৰী, নীলিমা খাকলাৰী, বলেন বসুমতাৰী আৰু বগৰীবাৰী গাঁৱৰ বহু কেইজন হিতাধিকাৰী ।

আশ্ৰবাৰী ভিচিডিচিৰ সভাপতি উদয় বৰগয়াৰী, সদস্য কমলাকান্ত নাৰ্জাৰী আৰু গজেন বৰগয়াৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ নামত আঁচনিৰ আবণ্টিত টকা হিতাধিকাৰীৰ একাউণ্টৰ পৰা হিতাধিকাৰীৰ দ্বাৰাই উলিয়াই লৈ এতিয়ালৈকে গৃহ নিৰ্মাণ কৰি দিয়া নাই । এতিয়া বাৰিষাৰ বতৰ, বৰষুণ আহিলে ঘৰত থাকিব নোৱাৰা অৱস্থা। বৰষুণৰ পানী পৰি ভঁৰালৰ ধান বেয়া হবলৈ ধৰিছে বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে ।

সেয়ে অতি সোনকালে যিমান হিতাধিকাৰীৰ চৰকাৰী গৃহ আধৰুৱা হৈ আছে সেই গৃহ সমূহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে আশ্ৰাবাৰী ভিচিডিচি এলেকাৰ গাওঁবাসী সকলে । অন্যথা আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হব। আনপিনে বগৰীবাৰী গাঁৱত ফতে ফাহান নামৰ এগৰাকী হিতাধিকাৰীৰ আধৰুৱা হৈ থকাৰ কাৰণ জানিব বিচৰাত তেখেতে কয় যে, আমি প্ৰথম কিস্তিৰ টকা ভিচিডিচিৰ সভাপতিৰ হাতত জমা দিছিলো সেইমতে মোৰ ঘৰৰ কাম আৰম্ভ হৈছিল কিন্তু দ্বিতীয় কিস্তিৰ টকা ঘৰুৱা অসুবিধাৰ কাৰণে খৰচ কৰাত ঘৰৰ কাম এতিয়া আধৰুৱা হৈ আছে । মুঠৰ ওপৰত চিৰাং জিলাৰ বিভিন্ন ভিচিডিচি এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰাৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ প্ৰায়ে শুনিবলৈ পোৱা যায় ।

পঞ্চায়ত কেলেংকাৰী: এইবাৰ চিৰাঙত পি এম  এ ওৱাইৰ গৃহ নিৰ্মাণৰ নামত কেলেংকাৰীৰ অভিযোগ...
অৱশেষত আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্তৰ ঘোষাণ জি পি সিঙৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in