/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f4c2135c-646f-4779-95c3-3707cea0dbea/hfhr.jpg)
chirang
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বিজনীৰ উলুবাৰীত যোৱা ২৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । বৃহস্পতিবাৰে অধিৱেশনৰ অন্তিম দিনা কাৰ্যসূচীৰ লগত সংগতি ৰাখি উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা এক বিশাল বাৰে বৰণীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
উলুবাৰী অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা আজিৰ এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে অসমৰ বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নয়ন নীলিমে। আছুৰ চিৰাং জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন তথা অংশগ্ৰহণ কৰি এজন প্ৰাক্তন আছু কৰ্মী তথা শুভাকাংক্ষী হিচাপে গৌৰৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰে ।
বহু বিতৰ্কিত 'কা' আইন বাতিল কৰা সন্দৰ্ভত আছুৰ স্থিতিক পূৰ্ণ সমৰ্থন কৰাৰ কথা সদৰি কৰে লগতে সম্প্ৰতি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত যি ৰেগিঙৰ ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। শিক্ষানুষ্ঠান সমূহত জ্যেষ্ঠ ছাত্ৰ সকলে কণিষ্ঠ ছাত্ৰ সকলক আদৰণি জনোৱাৰ সময়তে বন্ধুত্ব সুলভ সম্পৰ্ক স্থাপন কৰি তেওঁলোকক ভাল শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰিব লাগে বুলি মন্তব্য কৰে ।
কিন্তু তাৰ বিপৰীতে শিক্ষানুষ্ঠানত ৰেগিঙৰ নামত জ্যেষ্ঠ ছাত্ৰই কণিষ্ঠ ছাত্ৰক এনেধৰণৰ শাৰীৰিক-মানসিক নির্যাতন চলোৱা বিষয়টো কোনো সভ্য সমাজে মানি নলয় । সেয়ে ৰেগিঙৰ দৰে অপৰাধমূলক কাৰ্য্য বন্ধ হ'ব লাগে, এইক্ষেত্ৰত সমাজৰ প্ৰতিটো বৰ্গৰ তথা চৰকাৰে কাম কৰাৰ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us