পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, প্ৰেমিকে হত্যা কৰিলে বিবাহিতা মহিলাৰ স্বামীক

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ শান্তিপুৰ পুলিচ চকীৰ অন্তৰ্গত দুই নং দেউশ্ৰী গাঁৱত পৰকীয়া প্ৰেমৰ ঘটনা পোহৰলৈ আহিছে ।

author-image
Asomiya Pratidin
New Update
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, প্ৰেমিকে হত্যা কৰিলে বিবাহিতা মহিলাৰ স্বামীক

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ শান্তিপুৰ পুলিচ চকীৰ অন্তৰ্গত দুই নং দেউশ্ৰী গাঁৱত পৰকীয়া প্ৰেমৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী বিবাহিত মহিলাৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল দেউশ্ৰী ভিচিডিচিৰ উপ সভাপতি হপনা টুডুয়ৰ সৈতে। মহিলা গৰাকীৰ প্ৰেমিক হপনাই মহিলা গৰাকীৰ স্বামী ধেনা মুৰ্মুক নৃশংস হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে ।

Advertisment

উক্ত পৰকীয়া প্ৰেম আৰু হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি শান্তিপুৰ পুলিচ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জনৰ ৰহস্যজনক ভূমিকাক লৈ দেউশ্ৰী অঞ্চলত কেইবাদিন বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । তাৰ মাজতে ৰুণীখাতা থানাৰ আৰক্ষীয়ে ধেনা মুৰ্মুৰ হত্যাৰ অভিযুক্ত পত্নী , প্ৰেমিক হপনা টুডু আৰু তেওঁৰ সহযোগী সোম মুৰ্মুক গ্ৰেপ্তাৰ কৰে ।

ঘটনা সন্দৰ্ভত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰে অসমীয়া প্ৰতিদিনৰ আগত সদৰি কৰা মতে দুই নং দেউশ্ৰী গাঁৱৰ বাসিন্দা ধেনা মুৰ্মু (৩০) যোৱা ২৪ জানুৱাৰী নিশা ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈ আছিল । ১ ফেব্ৰুৱাৰী নিশা স্থানীয় লোকে আই নৈত মাছ মাৰিবলৈ গৈ আই নৈৰ বুকুত অৰ্দ্ধগলিত অবস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে ।

পৰৱৰ্তী সময়ত মৃতদেহটো নিৰুদ্দেশ হৈ থকা ধেনা মুৰ্মুৰ মৃতদেহ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে । স্থানীয় লোকৰ অভিযোগ ধেনা মুৰ্মুক পৰিকল্পিত ভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে । কাৰণ ধেনা মুৰ্মুৰ পত্নীৰ সৈতে হপনা টুডুৰ দীৰ্ঘদিনৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল । ইয়াকে লৈ ধেনা মুৰ্মু আৰু হপনা টুডুৰ মাজত কেইবাবাৰে কাজিয়া হৈছিল । তেওঁলোকৰ এই অবৈধ প্ৰেমক লৈ গাঁৱত ৰাইজৰ মেল পৰ্যন্ত অনুষ্ঠিত হৈছিল ।

কিন্তু ৰাজনৈতিক ভাৱে প্ৰভাৱশালী হপনা টুডুয়ে ৰাইজৰ অভিযোগক অলপো গুৰুত্ব আৰোপ কৰা নাছিল । অৱশেষত অবৈধ প্ৰেমত বাধা হিচাপে থিয় দিয়া স্বামী ধেনা মুৰ্মুক হত্যা কৰিবলৈ পত্নী আৰু অবৈধ প্ৰেমিক হপনা টুডুয় পৰিকল্পনা কৰে । সেই মৰ্মে হপনা টুডুয়ে তেওঁৰ সহযোগী সোম টুডুৰ হতুৱাই ২৪ জানুৱাৰী নিশা ফোন যোগে ধেনা মুৰ্মুক শহাপহু চিকাৰ কৰাৰ কথা কৈ ঘৰৰ পৰা মাতি নি আই নৈৰ পাৰত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰি মৃতদেহ পানীত উটুৱাই দিয়ে ।

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত দেউশ্ৰী অঞ্চলত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল । যোৱা ২ ফেব্ৰুৱাৰীত ধেনা মুৰ্মুৰ পৰিয়ালৰ লোকে পৰকীয়া প্ৰেমৰ বাবেই ধেনা মুৰ্মুৰ পত্নী , অবৈধ প্ৰেমিক দেউশ্ৰী ভিচিডিচিৰ উপ সভাপতি হপনা টুডু আৰু সোম টুডু সহ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে শান্তিপুৰ পুলিচ চকীত এজাহাৰ দাখিল কৰিছিল । কিন্তু শান্তিপুৰ পুলিচ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিন্টু দাসে অজ্ঞাত কাৰণত হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্ত সকলক আটক কৰাৰ বিপৰীতে তেওঁলোক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি শান্তিপুৰ পুলিচ চকীৰ সন্মুখত দেউশ্ৰী অঞ্চলৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

পৰবৰ্তী সময়ত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰে সমগ্ৰ বিষয়টোক ক্ষীপ্ৰতাৰে অনুসন্ধান চলাই পলাতক অৱস্থাত থকা ধেনা মুৰ্মুৰ হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত হপনা টুডু তেওঁৰ সহযোগী সোম টুডুক ৫ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰে । কালি নিশা হেচাত পৰি শান্তিপুৰ পুলিচ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিন্টু দাসে পলাতক হৈ থকা ধেনা মুৰ্মুৰ পত্নীক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি আজি ৰুণীখাতাত থানাত আনে ।

পলমকৈ হলেও চিৰাং জিলাৰ অতিকৈ ভিতৰুৱা অঞ্চলত একমাত্ৰ পৰকীয়া প্ৰেমৰ কাৰণে ধেনা মুৰ্মুক হত্যা কৰা হত্যাকাৰী কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত সন্তুষ্টি প্ৰকাশ কৰে আৰু হত্যাকাৰী কেইজনক আইনৰ মাজদি ফাঁচীৰ দৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চিৰাং জিলা আছাৰ পৰা দাবী উত্থাপন কৰে ।

আৰু পঢ়ক: মাজুলীৰ নৱ নিযুক্ত উপায়ুক্তক বিভিন্ন দল-সংগঠনৰ উষ্ম আদৰণি

Assam police crime love