কিশোৰীয়ে সন্তান জন্ম দিয়াৰ পাছত পোহৰলৈ আহিল দলবদ্ধ ধৰ্ষণ কাণ্ড...

কিশোৰীয়ে সন্তান জন্ম দিয়াৰ পাছত পোহৰলৈ আহিল দলবদ্ধ ধৰ্ষণ কাণ্ড...

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ কাজলগাঁও থানাৰ ডাংতল আৰক্ষী চকী এলেকাত শনিবাৰে সভ্য সমাজক লজ্জানত কৰাৰ এক ঘটনা পোহৰলৈ আহিছে । চাৰি যুৱকৰ বিৰুদ্ধে এগৰাকী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিশোৰীগৰাকীয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিয়াৰ পাছত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই আজি বিয়লিৰ ভাগত কেইবা শতাধিক পুৰুষ মহিলাই ডাংতল আৰক্ষী চকী চৌহদত আৰক্ষী বেষ্টনীৰ মাজতে অভিযুক্ত তিনিজন যুৱকক শাৰীৰিকভাৱে আক্ৰমণ কৰে। ইয়াক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বৰ্তমানো এজন অভিযুক্ত পলাতক অৱস্থাত আছে।

জানিব পৰা মতে, শুকুৰবাৰে পিতৃ-মাতৃহীনা এগৰাকী জনজাতি ১৪ বছৰীয়া কিশোৰীয়ে আইতাকৰ বাসগৃহতে এটি পুত্ৰ সন্তান জন্ম দিয়ে। এই ঘটনা অঞ্চলটোত বিয়পি পৰাৰ লগে লগে ৰাইজৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

কোনে কিশোৰীগৰাকীৰ লগত এই ঘটনা সংঘটিত কৰিলে এই সন্দৰ্ভত ৰাইজে কিশোৰীগৰাকীক সোধা পোছা কৰে। তাৰ পাছতে চেন্ট্ৰেল ৰেল কলোনীৰ বাসিন্দা হৰি বৈদ্যৰ পুতেক কাৰ্তিক বৈদ্য (২৪)ৰ নাম পোহৰলৈ আহে । তেতিয়া স্থানীয় ৰাইজে কাৰ্তিক বৈদ্যক ঘৰৰ পৰা ধৰি আনি উত্তম দিয়ে। কাৰ্তিকক সোধপোছ কৰাত উক্ত দুষ্কাৰ্যৰ সৈতে ডাংতল শিবনগৰৰ আমিৰ হামজাৰ পুতেক ৰফিকুল শ্বেখ (২৪) আৰু আব্দুল বাতেনৰ পুতেক ছানোৱাৰ হুছেইন (১৮) ৰ লগতে আন এজন যুৱক জড়িত থকা বুলিও উল্লেখ কৰে।

সেইমতে ৰাইজে ৰফিকুল শ্বেখ আৰু ছানোৱাৰ হুছেইনকো কৰায়ত্ব কৰি সোধপোছ অব্যাহত ৰাখে । ইপিনে বিয়লিৰ ভাগত ডাংতল আৰক্ষী চকীৰ আৰক্ষীয়ে এইখবৰ লাভ কৰি অভিযুক্ত তিনিজনক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি লক্আপত ভৰাই ৰাখে । ইয়াৰ পাছতে কেইবা শতাধিক স্থানীয় পুৰুষ মহিলা ডাংতল আৰক্ষী চকীত উপস্থিত হৈ অভিযুক্ত তিনি যুৱকক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী উত্থাপন কৰি আৰক্ষী চকী চৌহদ উত্তপ্ত কৰি তোলে।

পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আগতেই ঘটনাস্থলীত আহি উপস্থিত হয় চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা, কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ বিশাল আৰক্ষী বাহিনী । উচ্চ পদস্থ আৰক্ষী বিষয়া গৰাকীয়ে ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ চেষ্টা চলায় । কিন্তু অভিযুক্ত কেইজনক ডাংতল আৰক্ষী চকীৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে কাজলগাঁও লৈ যোৱাৰ বাবে সময়ত আৰক্ষীৰ বেষ্টনী ভাঙি একাংশ উত্তেজিত পুৰুষ মহিলাই অভিযুক্ত যুৱক কেইজনৰ ওপৰত জপিয়াই পৰি মাৰধৰ আৰম্ভ কৰে । অৱশ্যে আৰক্ষীয়ে ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি তিনিওকে কাজলগাঁৱলৈ লৈ যায়।

ইতিমধ্যে ৰুজু হোৱা গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাইছে।

কিশোৰীয়ে সন্তান জন্ম দিয়াৰ পাছত পোহৰলৈ আহিল দলবদ্ধ ধৰ্ষণ কাণ্ড...
পাহাৰৰ পৰা দ' খাৱৈত পৰিল বাহন, থিতাতে নিহত ৫ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in