/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/abd976a4-9ac0-4607-8fbe-415ae5c82a91/fg.jpg)
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩ জনকৈ লোকে। শনিবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
অৰুণাচলৰ আনজাওত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পাহাৰীয়া পথৰ পৰা দ' খাৱৈত বাগৰি পৰে ৱাগনাৰ বাহন। যাৰ ফলত থিতাতে নিহত হয় তিনিজনকৈ লোক। তিনিচুকীয়াৰ পৰা গৈছিল বাহনখন।
বাহনখনৰ নম্বৰ AS-23 AD 7360। তিনিচুকীয়াৰ মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী আছিল মৃত কেইজন। ইতিমধ্যে পাহাৰৰ দ' খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহকেইটা। দুৰ্ঘটনাত নিহত সকল: দিলীপ ডেকা,পুনিত বাছতিয়া আৰু নাগেন্দ্ৰ শ্বাহ। আৰক্ষীয়ে নিহতৰ সংখ্যা তিনি জন বুলি নিশ্চিত কৰিছে। ১৮ জানুৱাৰীত আনজাওলৈ গৈছিল তেওঁলোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us