'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বাতৰিৰ পাছতেই চিৰাঙৰ চিকিৎসালয়ত চলি থকা অৰাজকতা সন্দৰ্ভত বৈঠক

চিৰাঙৰ কাজলগাঁও স্থিত জেএচবি অসামৰিক চিকিৎসালয়ত তিনি মাহত ২১ টা নৱজাতকৰ অস্বাভাৱিক মৃত্যু আৰু ৰোগীৰ আত্মীয়ৰ পৰা ধনদাবী কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈছিল
'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বাতৰিৰ পাছতেই চিৰাঙৰ চিকিৎসালয়ত চলি থকা অৰাজকতা সন্দৰ্ভত বৈঠক

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ কাজলগাঁও স্থিত জেএচবি অসামৰিক চিকিৎসালয়ত তিনি মাহত ২১ টা নৱজাতকৰ অস্বাভাৱিক মৃত্যু আৰু ৰোগীৰ আত্মীয়ৰ পৰা ধনদাবী কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈছিল। তাৰ পাছৰ পৰাই চিকিৎসালয় খনত গুণগত স্বাস্থ্যসেৱা অৱনমিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ।

বুধবাৰে চিকিৎসালয় খনত নাৰ্ছ তথা স্বাস্থ্যকৰ্মীৰ অনুপস্থিতিত আশাকৰ্মীয়ে এগৰাকী গৰ্ভৱতী মহিলাৰ সন্তান প্ৰসৱ কৰাইছিল আৰু সেই ঘটনাৰ এটা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। চিকিৎসালয়খনত বিৰাজ কৰা অৰাজকতাৰ বাতৰি বৃহস্পতিবাৰে অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণত প্ৰকাশিত হোৱাৰ পিছত আজি জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ উদ্যোগত জেএচবি অসামৰিক চিকিৎসালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে ।

এই বৈঠকৰ লক্ষ্য যে, যোৱা কিছুদিন ধৰি চিকিৎসালয় খনত চলি থকা আসোঁৱাহ দূৰ কৰি চিকিৎসালয় খনত এটা সুস্থ পৰিৱেশ পুনঃ প্ৰতিষ্ঠা কৰা । উল্লেখ্য যে চিকিৎসালয়খনত নৱজাতকৰ মৃত্যুৰ দৰে অতি স্পৰ্শকাতৰ বিষয় আৰু ৰোগীৰ আত্মীয়ৰ পৰা ধনদাবীৰ দৰে গুৰুতৰ অভিযোগৰ সুস্থিৰ সমাধান কৰাৰ বিপৰীতে বিটিচিৰ স্বাস্থ্য সেৱাৰ সঞ্চালক গৰাকীয়ে সকলো দোষ আশাকৰ্মীৰ ওপৰত জাপি দিছিল। তাৰ পিছতেই চিকিৎসালয় খনৰ কৰ্মৰত চিকিৎসক নাৰ্ছ-স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মী সকলৰ মাজত আৰম্ভ হৈছিল আৰোপ-প্ৰত্যাৰোপৰ বোকা ছটিওৱাৰ খেল।

কেতিয়াবা চিকিৎসালয় চৌহদত ৰাজহুৱা প্ৰতিবাদ, অসহযোগ আন্দোলনৰ ভাবুকি ক্ষুদ্ধ আশাকৰ্মীৰ । মুঠৰ ওপৰত ইয়াকে লৈ জেএচবি অসামৰিক চিকিৎসালয়ৰ কৰ্মৰত নাৰ্ছ-স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মী সকলৰ মাজত আৰম্ভ হৈছিল অঘোষিত শীতল যুদ্ধ । এটা পক্ষই আনটো পক্ষক হেয় প্ৰতিপন্ন কৰাৰ বাবে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰমূলক কামকাজ সংঘটিত কৰাৰ তথ্যও পোহৰলৈ আহিছিল ।

তাৰ মাজতে প্ৰসূতি বিভাগৰ দুগৰাকী চিকিৎসকৰ ছুটীত যোৱা আৰু এগৰাকী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বাবে প্ৰসূতি বিভাগৰ কামকাজ প্ৰায় স্থবিৰ হৈ পৰিছে। যাৰ বাবে চিকিৎসালয় কতৃপক্ষই একপ্ৰকাৰ বাধ্য হৈ এই কেইদিনত চিকিৎসালয়ত অধিকাংশ গৰ্ভৱতী মহিলা সকলক অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগা হৈছিল।

ফলস্বৰূপ ভুক্তভোগী প্ৰসূতি তথা আত্মীয় সকলৰ মাজত চিকিৎসালয় খনক লৈ এক বিৰূপ মনোভাৱৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে তিনিমাহত ২১ টি নৱজাতকৰ অস্বাভাৱিক মৃত্যুৰ বাতৰিৰ বাবেও বহুলোকে আতংকিত হৈ এতিয়া জেএচবি অসামৰিক চিকিৎসালয়ত অহাৰ পৰিবৰ্তে অইন চিকিৎসালয়ত যোৱাটোকে অধিক গুৰুত্ব আৰোপ কৰাৰ ফলত সম্প্ৰতি চিকিৎসালয় খনত প্ৰসূতি বা অন্যান্য ৰোগীৰ আগমন বৰ্তমান কমি গৈছে ।

চিকিৎসালয়টোক কেন্দ্ৰ কৰি যোৱা ২৯ ডিচেম্বৰৰ পৰা এটাৰ পিছত এটা নেতিবাচক বাতৰিয়ে চিকিৎসালয় খনৰ গৰিমা অৱনমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালিকা ডাঃ ৰেহেনা বেগম সহ অন্যান্য জেষ্ঠ্য চিকিৎসক বিষয়ববীয়া সকলক বৈঠক অনুষ্ঠিত কৰে।

উক্ত সভাত জেএচবি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি,কে, দাসৰ উপৰি চিকিৎসালয় খনৰ কৰ্মৰত সকলো চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মী সকলেও উপস্থিত থাকে । সভাত মুলতঃ যোৱা ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সকলো ঘটনা পৰিঘটনাৰ বাবে জিলাখনত বিভিন্ন প্ৰান্তত ক্ষেত্ৰ ভিত্তিক কাম কৰা আশাকৰ্মী সকলৰ সৈতে চিকিৎসালয় খনৰ নাৰ্ছ, স্বাস্থ্যকৰ্মী সকলৰ মাজত যে এক ব্যৱধানৰ সৃষ্টি হৈছে সেই ব্যৱধান দুৰ কৰি চিকিৎসালয় খনত জনসাধাৰণৰ উপকৃত হ'ব পৰাকৈ এক সুন্দৰ স্বাস্থ্য সেৱা আৰম্ভ কৰিব তাৰ ওপৰত গুৰুত্বাৰোপ কৰা হয় । এই ক্ষেত্ৰত সকলো পক্ষকে ৰাইজৰ হকে কাম কৰি যাবলৈ অনুৰোধ কৰা হয় ।

জেএচবি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি,কে, দাসক চিকিৎসালয় পৰিচালনাৰ ক্ষেত্ৰত পূৰ্বতকে অধিক কঠোৰ নিৰীক্ষণ কৰা পৰামৰ্শ আগবঢ়োৱা হয় । ইপিনে ক্ষুন্ন হৈ থকা আশাকৰ্মী সকলৰ সৈতে এখন আছুতীয়া বৈঠক অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰা কথা সভাত হয়।

উল্লেখ্য যে সভাত উপস্থিত প্ৰতিজন চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী সকলোৱে জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালিকা গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ স্বাৰ্থত আগলৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যিটো জেএচবি অসামৰিক চিকিৎসালয়ৰ বাবে এটা ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে । সভাত বিগত তিনিমাহত ২১ টি নৱজাতকৰ মৃত্যুৰ তদন্তৰ ওপৰত গুৰুত্বাৰোপ কৰা হয় । আজিৰ এই সভাৰ অন্তত সমগ্ৰ তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰে জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালিকা ডাঃ ৰেহেনা বেগমে ।

আৰু পঢ়ক: অসম-মেঘালয়ৰ ১০ খন আৰক্ষী থানা-চকীৰ যৌথ বৈঠক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in