সুৰাৰ আড্ডা স্থলীলৈ পৰিণত চৰকাৰী চিকিৎসালয়...

বিতৰ্কই লগ নেৰা হৈছে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় । নৱজাতক আৰু প্ৰসূতিৰ অস্বাভাৱিক মৃত্যুৰ পিছত এইবাৰ মাজনিশা কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চৰ বন্ধ কোঠালীত মদৰ আড্ডা । হাতেলোটে ধৰা পেলালে ৰোগীৰ আত্মীয়ই...
সুৰাৰ আড্ডা স্থলীলৈ পৰিণত চৰকাৰী চিকিৎসালয়...

ডিজিটেল সংবাদ, চিৰাং : বিতৰ্কই লগ নেৰা হৈছে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় । এটাৰ পিছত এটা বিতৰ্কত নাম সাঙোৰ খাইছে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জৌহৌলাও সৌমব্লা বসুমতাৰী অসামৰিক চিকিৎসালয়খন । শনিবাৰ মাজনিশা চিকিৎসালয়খনত পুনৰ এক লজ্জানত কৰা ঘটনা সংঘটিত হয়।

নিশা ৰোগী সকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ বিপৰীতে এগৰাকী কৰ্তব্যৰত চিকিৎসক আৰু এগৰাকী নাৰ্চে বন্ধ কোঠালীৰ ভিতৰত মদ্যপান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত খবৰ অনুযায়ী শনিবাৰ নিশা একাংশ ৰোগীৰ আত্মীয়ই চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চক বিচাৰি নেপোৱাত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ।

একাংশ লোকে চিকিৎসকক বিচাৰি গৈ চিকিৎসালয়ৰ চিকিৎসকৰ জিৰণী কোঠালীৰ ভিতৰত দৰ্জা বন্ধ কৰি এগৰাকী কৰ্তব্যৰত চিকিৎসকে নাৰ্চৰ সৈতে বিছনাত বহি মদ্যপান কৰি থকা অৱস্থাত দেখিবলৈ পাই আৰু কৰ্তব্যৰত চিকিৎসক-নাৰ্চৰ সুৰাপানৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰে। চিকিৎসক জনক খ্ৰীষ্টান ব্লেচিং (ৰেডিঅ'লজিষ্ট) আৰু নাৰ্চ গৰাকীক নিধি পাল বুলি জানিব পৰা গৈছে । নিজৰ কৰ্তব্যত গাফিলতি কৰি চিকিৎসালয়ৰ বন্ধ কোঠালিত নিশা সুৰাৰ পাৰ্টি কৰি থকাৰ সময়ত হাতেলোটে ধৰা পেলোৱাৰ পিছত চিকিৎসালয়টোৰ ভিতৰচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

হুলস্থূলীয়া পৰিবেশৰ শব্দ শুনি চিকিৎসালয়টোৰ পহৰাৰ দায়িত্ব থকা আৰক্ষীৰ লোক কোঠালীৰ সন্মুখত আহি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । জানিব পৰা মতে, শনিবাৰ নিশা এক বজাত ধনঞ্জয় বসুমতাৰী নামৰ এজন লোকে নিকট আত্মীয়ৰ চিকিৎসাৰ বাবে জেএচবি অসামৰিক চিকিৎসালয়ত আহিছিল । কিন্তু সেই সময়ত চিকিৎসালয়ৰ জৰুৰীকালীন সেৱাৰ কোনো চিকিৎসক বা নাৰ্চ উপস্থিত নাছিল ।

বহু সময় চিকিৎসক আৰু নাৰ্চৰ কাৰণে অপেক্ষা কৰাৰ পিছত তেওঁলোকৰ কোনো খা-খবৰ নেপোৱাত এটা সময়ত চিকিৎসক আৰু নাৰ্চক বিচাৰি যোৱাত বন্ধ কোঠালীৰ ভিতৰত মদ্যপান কৰি থকা অৱস্থাত দুয়োকে দেখিবলৈ পায় । চিকিৎসালয়ৰ ভিতৰত কৰ্তব্যৰত অবস্থাত কিয় মদ্যপান কৰি আছে বুলি ৰোগীৰ আত্মীয় সকলে প্ৰশ্ন কৰাত নাৰ্চ নিধি পালে ওলোটাই ৰোগীৰ আত্মীয় সকলক উত্তেজিত হৈ ধমকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও চিকিৎসালয় খনত নৱজাতকৰ অস্বাভাৱিক মৃত্যুৰ হাৰ লগতে কেইবাগৰাকীও প্ৰসুতিৰ মৃত্যুৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল। কালি নিশাৰ ঘটনা পোহৰলৈ অহাৰ পিছত একাংশ ৰোগীৰ আত্মীয়ই কয় যে নিশা চিকিৎসক আৰু নাৰ্চ সকলে মদ্যপান কৰি চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবেই হয়তো নৱজাতকৰ লগতে প্ৰসুতিৰ অস্বাভাৱিক মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছিল বুলিও সন্দেহ প্ৰকাশ কৰে ।

আনহাতে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উপযুক্ত তদন্ত কৰি কৰ্তব্যৰত অবস্থাত মদ্যপান কৰা ঘটনাৰ সৈতে জড়িত চিকিৎসক আৰু নাৰ্চ দুয়োজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়নৰ চিৰাং জিলা সমিতিৰ সভাপতি ইন্দ্ৰ বসুমতাৰীয়ে।

সুৰাৰ আড্ডা স্থলীলৈ পৰিণত চৰকাৰী চিকিৎসালয়...
জিলা প্ৰশাসনৰ অৱহেলাত ধ্বংসৰ গৰাহত মধুপুৰ সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ ও পৰ্যটন বিভাগৰ অতিথি গৃহ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in