জিলা প্ৰশাসনৰ অৱহেলাত ধ্বংসৰ গৰাহত মধুপুৰ সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ ও পৰ্যটন বিভাগৰ অতিথি গৃহ...

জিলা প্ৰশাসনৰ অৱহেলাত ধ্বংসৰ গৰাহত মধুপুৰ সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ ও পৰ্যটন বিভাগৰ অতিথি গৃহ...

ডিজিটেল সংবাদ, ধুবুৰী : গুৰুজনাই দেহ ত্যাগ কৰা অসমৰ জাতীয় জীৱনৰ প্ৰাণ কেন্দ্ৰস্বৰূপ কোচবিহাৰৰ মধুপুৰ সত্ৰত ১৯৮৯ চনত স্থাপন কৰা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মধুপুৰ সাংস্কৃতিক কেন্দ্ৰটোৰ কাৰ্যালয় গৃহ বৰ্তমান অতি শোচনীয় অৱস্থা লৈ গতি কৰি প্ৰায় ধ্বংসৰ পৰ্যায় পাইছে। ৩৪ বছৰে কাৰ্যালয় গৃহটোৰ কোনোধৰণৰ মেৰামতি নকৰাত এজাক বৰষুণতেই সমগ্ৰ কাৰ্যালয়টো পানীৰে উপচি পৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অনবৈদ্য সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৮০ৰ দশকতেই স্থাপন কৰা কেন্দ্ৰটোয়ে বৰ্তমান পৰিস্থিতিত গুৰুজনাৰ সৃষ্টিসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যেনে ধৰণে আগবাঢ়িব লাগিছিল কাৰ্যালয়টোৰ প্ৰতিকূল পৰিৱেশৰ বাবে তেনেধৰণে আগবাঢ়িব পৰা নাই।

অৱশ্যে বছৰেকত সত্ৰ সমিতিৰ সহযোগত সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰি থকা হৈছে। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত জনাইছে যে, কাৰ্যালয়টোৰ বাবে সত্ৰ চৌহদত অসম চৰকাৰে এক বৃহৎ পৰিসৰৰ আটক ধুনীয়া ভৱন নিৰ্মাণ সমাপ্ত কৰিছে। কিন্তু অতি আচাৰ্যজনক কথা এইয়ে যে, মধুপুৰ সত্ৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰ্য তদাৰক কৰি থকা ধুবুৰী জিলা প্ৰশাসনে কাৰ্যালয়টো স্থানান্তৰ কৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰশাসনৰ এই ক্ষেত্ৰত চৰম অনিহাই ভক্তপ্ৰাণ ৰাইজক আচৰিত কৰি তুলিছে।

উল্লেখযোগ্য যে, বৰ্তমানে কেন্দ্ৰটোৰ সাংস্কৃতিক বিষয়া হিচাপে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী সহকাৰী আয়ুক্তই কাৰ্যনিৰ্বাহ কৰি আছে। অসম চৰকাৰে সত্ৰখনৰ বিভিন্ন পৰ্যায়ৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও বিভাগীয় বিষয়াৰ অৱহেলাৰ বাবে আঁচনিসমূহৰ পৰা ভক্তপ্ৰাণ ৰাইজে সুফল লাভ কৰিব পৰা নাই। এই ক্ষেত্ৰত সাংস্কৃতিক বিভাগৰ ভূমিকাও দুখ লগা। প্ৰচাৰ সম্পাদক গৰাকীয়ে আৰু জনোৱা মতে, ২০১৩-১৪ চনত নিৰ্মাণ কৰা অসম চৰকাৰৰ পৰ্যটন বিভাগৰ এটা সু-বৃহৎ অতিথিশালা উপযুক্ত পৰিচালনা আৰু পৰ্যৱেক্ষণৰ অভাৱত এতিয়া ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে।

ইয়াৰ লগতে যোৱা প্ৰায় ৪০ বছৰ আগতে বিদ্যুৎ সংযোগ কৰা সত্ৰৰ বিদ্যুৎ সংযোগ ব্যৱস্থা আজিও বাণিজ্যিক শিতানত চলি থকাৰ বাবে প্ৰতি মাহে ১০ হাজাৰত পৰা ১৫ হাজাৰ টকা পৰ্যন্ত বিদ্যুতৰ মাছুল আদায় দি থাকিবলগীয়া হৈছে। আনহাতে ২০১৪ চনতেই অসম চৰকাৰে ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা নাটঘৰটোৰ শব্দ নিয়ন্ত্ৰণ ব্যৱস্থা বিজ্ঞানসন্মত নোহোৱাত নাটঘৰটোত কোনোধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা সম্ভৱ নহয়। একমাত্ৰ বিভাগীয় বিষয়াৰ অনিহা আৰু অৱহেলাৰ বাবে এনে ব্যয় বহুল নাটঘৰটো পৰিত্যক্ত হোৱাৰ দিশে আগবাঢ়িছে।

সত্ৰখনৰ এই সমগ্ৰ পৰিস্থিতিৰ ওপৰত কেইবাবাৰো ধুবুৰী জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰা হৈছে। শেহতীয়াভাৱে যোৱা ২৫ ফেব্ৰুৱাৰীত ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া উপস্থিত থকা সত্ৰ সমিতিৰ এখন সভাত এই সকলোবোৰ সমস্যা সমাধান কৰাৰ বাবে জিলা প্ৰশাসনক আহ্বান জনোৱা হৈছিল। সভাখনত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰা নহ'ল। জিলা প্ৰশাসনৰ একাংশ বিষয়াই সত্ৰাধিকাৰ নিৰ্বাচন সম্পৰ্কীয় বিতৰ্কত সোমাই থকাৰ সলনি সত্ৰখনৰ মূল সমস্যাসমূহ সমাধান কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ ল'ব বুলি ভক্ত প্ৰাণ ৰাইজে আশা প্ৰকাশ কৰিছে।

জিলা প্ৰশাসনৰ অৱহেলাত ধ্বংসৰ গৰাহত মধুপুৰ সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ ও পৰ্যটন বিভাগৰ অতিথি গৃহ...
ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ দিশে বাঘবৰৰ বৈঠাপুতা সত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in