বৰষুণৰ পানী পৰি চিৰাঙৰ জেএচবি চিকিৎসালয়ৰ কোটি টকীয়া আইচিইউ কক্ষ বিনষ্ট

বৰষুণৰ পানী পৰি চিৰাঙৰ জেএচবি চিকিৎসালয়ৰ কোটি টকীয়া আইচিইউ কক্ষ বিনষ্ট

ডিজিটেল সংবাদ, চিৰাং : "ৰোগীক উন্নত মানৰ স্বাস্থ্য সেৱা দিয়াৰ নামত অত্যাধুনিক আইচিইউ কক্ষ স্থাপন কৰি ৰাইজক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰাৰ আগতেই জহি খহি যাৱলৈ ধৰিছে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জেএচবি অসামৰিক চিকিৎসালয়ৰ কোটি টকীয়া আইচিইউ কক্ষ"। এই বাতৰি আজি সবিস্তাৰে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত হোৱাৰ পিছত জিলাখনৰ বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উন্নত মানৰ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ নামত জিলা স্বাস্থ্য বিভাগৰ লগতে জেএচবি অসামৰিক চিকিৎসালয় কতৃপক্ষই ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ আইচিইউ কক্ষৰ দুৰবস্থাৰ তথ্য সংবাদ মাধ্যম যোগে পোহৰলৈ অহাৰ পিছত জিলাখনৰ আক্ৰাছু, এবিএমছু আৰু আমছুকে ধৰি বিভিন্ন দল সংগঠনে বুধবাৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিটিচিৰ স্বাস্থ্য বিভাগৰ লগতে জেএচবি অসামৰিক চিকিৎসালয় কতৃপক্ষৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ।

এই সন্দৰ্ভত জিলা আক্ৰাছুৰ সভাপতি প্ৰাঞ্জল চৌধুৰীয়ে কয় যে জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসালয় খনেই হৈছে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় । এইখন চিকিৎসালয়ৰ ওপৰতে জিলাখনৰ দূৰ দূৰনীৰ পৰা দুখীয়া দৰিদ্ৰ লোক সকলে নিৰ্ভৰ কৰে । তেনেক্ষেত্ৰত এই দুখীয়া দৰিদ্ৰ লোকৰ সকলক কম খৰচত উন্নত মানৰ চিকিৎসা সেৱা দিয়াৰ লক্ষ্যৰেই চৰকাৰে কোটি কোটি টকা শৰাধ এই অত্যাধুনিক আইচিইউ কক্ষ স্থাপন কৰিছিল।

কিন্তু পৰিতাপৰ কথা যে আজি পৰ্যন্ত এজন ৰোগীয়ে সেই কোটি টকীয়া ব্যয় সাপেক্ষে স্থাপন আইচিইউ সেৱা গ্ৰহণ কৰাৰ আগতেই আইচিইউ কক্ষৰ মূধচে দি বৰষুণৰ পানী সৰকি আইচিইউ মূল্যবান যন্ত্ৰাংশ সমূহ বিনষ্ট হবলৈ এৰি দিয়াটো অতিকৈ দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্যা দিয়ে । এই ঘটনাৰ জিলা স্বাস্থ্য বিভাগৰ উপৰি বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দেৰ ভুমিকাক জগৰীয়া কৰি তীব্ৰ সমালোচনা কৰে ।

আমছুৰ জিলা সভাপতি নাজিৰ ৰহমানে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যি সময়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আইচিইউ কক্ষত ৰোগী ৰাখিলে এনিশাৰ বাবদ পাঁচ হেজাৰ টকা আদায় দিব লাগে, যিটো এগৰাকী দৰিদ্ৰ পৰিয়ালৰ বাবে এক ডাঙৰ প্ৰত্যাহবান হৈ পৰে। তেনেক্ষেত্ৰত আজি যদি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ এই আইচিইউ খন সক্ৰিয় থাকে তেনেহলে সেইজন দুখীয়া মুমূৰ্ষ ৰোগীয়ে মাত্ৰ পাঁচশ টকাৰ বিনিময়ত নিজৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন।

চিৰাং ভিতৰুৱা অঞ্চলৰ দুখীয়া দৰিদ্ৰ লোক সকলৰ উন্নত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ কথা চিন্তা কৰি ইতিমধ্যে বৰষুণৰ পানীত বিনষ্ট হ'বলৈ ধৰা আইচিইউ পুনৰ মেৰামতি কৰি প্ৰয়োজনীয় চিকিৎসক আৰু কাৰিকৰী স্বাস্থ্যকৰ্মী নিয়োগ কৰি ৰাইজৰ সেৱাৰ কাৰণে মুকলি কৰি দিবলৈ বিটিচি প্ৰশাসন আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগক আহ্বান জনায় । কাৰ গাফিলতিৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ কোটি টকীয়া আইচিইউ কক্ষ বিনষ্ট হবলৈ ধৰিছে আৰু দুখীয়া দৰিদ্ৰ লোকে উন্নত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে তাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে জিলা এবিএমছুৰ সভাপতি আনোৱাৰ হুছেইনে ।

উল্লেখ্য যে কাজলগাঁৱৰ এই জেএচবি অসামৰিক চিকিৎসালয়ত বিগত কোৰোণা কালৰ সময়ছোৱাত ২০২০ চনত জৰুৰীকালীন ভাৱে প্ৰথম পৰ্যায়ত ৮ খন বিচনাযুক্ত আইচিইউ কোঠালী স্থাপন কৰা হৈছিল যদিও পৰবৰ্তী সময়ত ২০২১ চনত অত্যাধুনিক ভেন্টিলেছনৰ সুৱিধাযুক্ত আইচিইউৰ বিচনাৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি কৰা হৈছিল । ২০২১ চনৰ ১৩ মে' তাৰিখে চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দে নৱনিৰ্মিত আইচিইউ কোঠালী পৰিদৰ্শন কৰি আইচিইউ কোঠালীৰ বাবে প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক আৰু কাৰিকৰী স্বাস্থ্যকৰ্মী নিযুক্ত দি খুব সময়ৰ ভিতৰতে জেএচবি অসামৰিক চিকিৎসালয়ৰ আইচিইউ কোঠালী সমূহ মুমূৰ্ষ ৰোগীৰ সহায়ক হব পৰাকৈ মুকলি কৰি দিয়া হব বুলি ঘোষনা কৰিছিল।

বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য গৰাকীৰ ঘোষনা কৰাৰ এবছৰ পিছত জেএচবি অসামৰিক চিকিৎসালয়ৰ আইচিইউ কক্ষ প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক আৰু কাৰিকৰী স্বাস্থ্যকৰ্মী অবিহনেই ৰোগীৰ বাৱে নামমাত্ৰ মুকলি কৰি পুনৰ তলাবন্ধ কৰি থৈছিল । দুৰ্ভাগ্যজনক কথা যে আইচিইউ কক্ষ নিৰ্মাণ কৰাৰ পিছৰে পৰা তলাবন্ধ অবস্থাত সম্প্ৰতি চিকিৎসালয়ৰ মূধচে দি বৰষুণৰ পানী সৰকি আইচিইউ কক্ষৰ চিলিং সমূহ জহি খহি মজিয়াত পৰিবলৈ আৰম্ভ কৰে ফলত বৰষুণৰ পানীৰে কোটি টকীয়া মূল্যৰ ভেন্টিলেছনৰ যন্ত্ৰাংশ সমূহ নষ্ট হ'বলৈ ধৰিছে ।

লক্ষ্যনীয় বিষয় যে জেএচবি অসামৰিক চিকিৎসালয়ৰ কোটি টকীয়া আইচিইউ কক্ষৰ মুধচেদি বৰষুণৰ পানী সৰকি বিনষ্ট হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতো এই সন্দৰ্ভত জিলা স্বাস্থ্য বিভাগ বা জেএচবি অসামৰিক চিকিৎসালয় কতৃপক্ষই কোনো ধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে ।

বৰষুণৰ পানী পৰি চিৰাঙৰ জেএচবি চিকিৎসালয়ৰ কোটি টকীয়া আইচিইউ কক্ষ বিনষ্ট
সংবিধানে কি কয়?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in