/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a98ecf7f-a4d5-438a-a4aa-062c4a428f9e/mmmm.jpg)
ডিজিটেল সংবাদ, চিৰাং: পথ নিৰ্মাণ নাইবা মেৰামতিৰ নামত একাংশ ঠিকাদাৰে অকতৃত্বশীল ভাৱে পথ খান্দি মৰণফান্দ কৰি থোৱাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত সকলক কঠোৰ স্থিতি গ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। তাৰ পাছত এই সন্দৰ্ভত ইমান দিনে নিষ্ক্ৰিয় হৈ থকা চিৰাং জিলা প্ৰশাসন সোমবাৰৰ পৰা সষ্টম হৈ ক্ষেত্ৰভিত্তিক কামত লাগি পৰা পৰিলক্ষিত হৈছে।
মঙলবাৰে জিলাখনৰ মাজেদি যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিবৰ্দ্ধন কৰাৰ নামত চিদলীৰ সুন্দৰীত বহিঃৰাজ্যৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে পথৰ দাঁতিত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খান্দি মৰণফান্দ বনাই হঠাতে নিৰ্মাণ কাৰ্য বন্ধ কৰি সমূহ যন্ত্ৰপাতি লৈ অইন গুচি গৈছিল । বিগত এমাহ ধৰি ৫০০ মিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে উন্মুক্ত অৱস্থাৰ বৰষুণৰ পানী পৰি ভয়ংকৰ গাঁতৰ সৃষ্টি কৰি মৰণফান্দলৈ ৰূপান্তৰিত হৈছে ।
যিহেতু সুন্দৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা চাৰিআলি আছে তেনে পৰিস্থিতিত যিকোনো মূহুৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি চিৰাং জিলাৰ উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত ফিৰদৌস আলম, চিদলী ৰাজহচক্ৰ বিষয়া আৰু যানবাহন আৰক্ষীৰ এটা দলক লৈ সুন্দৰীৰ উক্ত স্থান পৰিদৰ্শন কৰে । যিকোনো মুহূৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থকা এই ৰাষ্ট্ৰীয় ঘাইপথৰ এই সুন্দৰীত ঠিকাদাৰে বন্ধ কৰি ৰখা কাম অতি সোনকালে আৰম্ভ কৰাৰ উপৰি প্ৰাথমিক ভাৱে সতৰ্কতামূলক ফলক আঁৰি দিয়াৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ জাৰি কৰা হ'ব সদৰি কৰে ।
তদুপৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ চাপাগুৰীৰ সদাব্যস্ত চাৰিআলিত উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি থকাৰ কাৰণে তীব্ৰ যান-জটৰ সৃষ্টি হোৱা ঠাই পৰিদৰ্শন কৰে। ঠিকাদাৰ সকলৰ গাফিলতিৰ কাৰণে সাধাৰণ ৰাইজ, পথচাৰী সকলে যাতে দুৰ্ঘটনাৰ চিকাৰ হ'ব লগা নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
Also Read: নিশা শহুৰেকৰ ঘৰলৈ যোৱাৰ বাবে গণ প্ৰহাৰ এজনক, ভয়ংকৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে