চিৰাঙৰ পাণবাৰীত দুৰ্বৃত্তৰ গুলিচালনাত এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু...

চিৰাঙৰ পাণবাৰী থানাৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী কাহিতোমা গাঁৱত শুকুৰবাৰৰ নিশা দুৰ্বৃত্তই গুলিচালনাৰ ঘটনা সংঘটিত কৰে

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ পাণবাৰীত দুৰ্বৃত্তৰ গুলিচালনাত এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু...

chirang

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ পাণবাৰী থানাৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী কাহিতোমা গাঁৱত শুকুৰবাৰৰ নিশা দুৰ্বৃত্তই গুলিচালনাৰ ঘটনা সংঘটিত কৰে। দুৰ্বৃত্তৰ গুলীত ঘটনাস্থলীতে এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু হয়। মৃত মহিলা গৰাকী অন্ত বড়ো বুলি চিনাক্ত কৰা হৈছে ।

Advertisment

এই গুলিচালনাৰ ঘটনা আৰু এগৰাকী বৃদ্ধাৰ মৃত্যুক কেন্দ্ৰ কৰি এলেকাৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই গুলিচালনাৰ ঘটনা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অতিকৈ ভিতৰুৱা অঞ্চল কাহিতোমা গাঁৱত সংঘটিত হয়। ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় যদিও অতি ভিতৰুৱা অঞ্চল হোৱা হেতুকেই আৰক্ষীয়ে খবৰটো পলমকৈ লাভ কৰে।

কিন্তু খবৰ লাভ কৰি পাণবাৰী থানাৰ আৰক্ষীৰ বিষয়া গাঁওখনত গৈ উপস্থিত হয়। পৰৱৰ্তী সময়ত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী আৰু বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰ জ্যোতি ৰায় ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

কি পৰিস্থিতিত কোনে এই বৃদ্ধা মহিলা গৰাকীক এনেদৰে গুলিয়াই হত্যা কৰিলে তাৰ কোনো তথ্য এতিয়াও আৰক্ষী ফালৰ পৰা সদৰি কৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

আৰু পঢ়ক : ধেমাজিৰ অসম গ্ৰন্থমেলাত যুৱ শিল্পী-সাহিত্যিকৰ সমাৰোহত উছৱৰ লহৰ...

assam chirang firing