ধেমাজিৰ অসম গ্ৰন্থমেলাত যুৱ শিল্পী-সাহিত্যিকৰ সমাৰোহত উছৱৰ লহৰ...

প্ৰকৃতি মানুহৰ দৰেই জীৱন্ত গতিকে প্ৰকৃতিক জীয়াই ৰখাৰ দায়িত্ব মানুহেই ল’ব লাগিবঃ সৌম্যদ্বীপ দত্ত

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ অসম গ্ৰন্থমেলাত যুৱ শিল্পী-সাহিত্যিকৰ সমাৰোহত  উছৱৰ লহৰ...

ধেমাজিৰ অসম গ্ৰন্থমেলা

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলাৰ যুৱ লেখক-লেখিকা, শিল্পী আৰু সাহিত্য-সংস্কৃতি কৰ্মীৰ সমাৰোহ “প্ৰান্ত প্ৰভা”ই শুকুবাৰে অসম গ্ৰন্থমেলাৰ অষ্টম দিনা উছৱৰ লহৰ তোলে ধেমাজি কাছাৰী ময়দানত ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা গ্ৰন্থমেলাত “প্ৰান্ত প্ৰভা” সঞ্চালনা কৰে মৰিঢল মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক,বিশিষ্ট লেখক ভূপেন গগৈয়ে ৷

Advertisment

অধ্যাপক গগৈয়ে ধেমাজিক প্ৰতিভাধৰৰ অন্যতম পীঠস্থান বুলি অভিহিত কৰি কয় যে, “ অসম প্ৰকাশন পৰিষদে গ্ৰন্থ আন্দোলনক ত্বৰান্বিত কৰিবলৈ অসম গ্ৰন্থমেলাৰ জৰিয়তে গ্ৰহণ কৰা পদক্ষেপে ৰাজ্যখনৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰখনক সমৃদ্ধ কৰিছে ৷ গ্ৰন্থমেলাত আয়োজন কৰা বিভিন্ন আলোচনা সত্ৰ , নতুন প্ৰতিভাৰ সন্ধানত অনুষ্ঠিত কৰা প্ৰান্ত প্ৰভা আদিয়ে শিল্প-সাহিত্য-সংস্কৃতিৰ বাটত নতুন পোহৰ পেলোৱা যেন অনুভৱ হৈছে ৷ ধেমাজিৰ দৰে প্ৰান্তীয় চহৰত গ্ৰন্থমেলা আয়োজন কৰি আৰু ইয়াৰ যুৱ প্ৰতিভাবোৰক এখন মঞ্চ মুকলি কৰি দিয়াটো আমাৰ বাবে আনন্দ আৰু আশাৰ বতৰা ৷”

প্ৰান্ত প্ৰভা অনুষ্ঠানত ৰুৱাদ লঃয়ৃং, মিন্টু দাস, হৰেণ কাপ্তাক, বৰষা দত্ত, খ্যাতিষ্মান দাস, সদানন্দ হাজং, হেমন্ত চুতীয়া, বিশ্বজিৎ গগৈ, নিমিক্ষা প্ৰিয়ম গগৈ, অপৰাজিতা গোহাঁই, চিন্ময় কলিতা, জ্যো চেং চাংমাইকে ধৰি কেবাগৰাকী যুৱ শিল্পী সাহিত্যিকে কবিতা পাঠ কৰি, গীত পৰিৱেশন কৰি, নাটকৰ বিষয়ে চিন্তা কৰ্ষক বক্তব্য আগবঢ়াই, চিত্ৰ-শিল্পৰ বিশ্লেষণ কৰি সকলোকে আপ্লুত কৰে ৷

আনহাতে শুকুৰবাৰে পুৱা টাবুৰাম টাইদ সোঁৱৰণী মঞ্চত ৰাজ্যখনৰ আগশাৰীৰ প্ৰকৃতি সংৰক্ষনকাৰী সংস্থা নেচাৰ্চ বেকনৰ উদ্যোগত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বক্তৃতানুষ্ঠান ৷ “মই পৃথিৱীৰ বাবে মঙ্গলজনক” শীৰ্ষক এই বক্তৃতানুষ্ঠানত মানৱ সভ্যতা আৰু পৃথিৱীৰ ভৱিষ্যত সম্পৰ্কে হৃদয়স্পৰ্শী ভাষণ প্ৰদান কৰে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই ৷ সঞ্চালক দত্তই কয় যে, প্ৰকৃতি মানুহৰ দৰেই জীৱন্ত ৷ সেয়েহে প্ৰকৃতিক জীৱন্ত ৰূপতে ৰাখিবলৈ সকলোৱে কাম কৰা উচিত ৷ জীৱৰ বিচিত্ৰতাৰে সমৃদ্ধ পৃথিৱী নামৰ গ্ৰহটো জীৱনৰ বাবে উপযোগীকৈ সৃষ্টি হৈছে ৷ এই সৃষ্টি মানুহৰ নহয় , সেয়েহে মানুহে এই সৃষ্টিৰ বিৰুদ্ধে এনে কোনো কাম কৰা উচিত নহয় যিয়ে পৃথিৱীৰ ক্ষতি সাধন কৰিব পাৰে ৷

দত্তই প্ৰসংগক্ৰমে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, “যদি মানুহ হেৰাই যায় তেন্তে পৃথিৱীৰ একো ক্ষতি নহয় ৷ কিন্তু যদি এই পৃথিৱীৰ পৰা এটি অন্য প্ৰজাতি হেৰাই যায় তেন্তে সৰ্বাধিক ক্ষতি হয় মানুহৰ ৷ গতিকে প্ৰকৃতিক জীয়াই ৰখাৰ দায়িত্ব মানুহেই ল’ব লাগিব ৷” উক্ত বক্তৃতানুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ড° পুস্প গগৈয়ে ৷

অসম গ্ৰন্থমেলাত গ্ৰন্থ প্ৰেমীৰ উছৱৰ লহৰ
অসম গ্ৰন্থমেলাত গ্ৰন্থ প্ৰেমীৰ উছৱৰ লহৰ

অনুষ্ঠানত ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকা, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্ট, ধেমাজিৰ বিশিষ্ট চিকিৎসক ডা° লক্ষ্য কুমাৰ সন্দিকৈ, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° উমা কান্ত শৰ্মা, গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত কুমাৰ কাকতি, ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি উমেশ খাণ্ডেলীয়া, দ্বীপেন দত্ত আদিকে ধৰি ধেমাজিৰ কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানৰ আঁত ধৰে নেচাৰ্চ বেকনৰ ধেমাজি আঞ্চলিকৰ সমন্বয়ক তথা প্ৰকৃতিপ্ৰেমী যুগল সন্দিকৈয়ে ৷ আনহতে কাৰ্যকৰ্তাই জানিবলৈ দিয়া অনুসৰি গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত আজি কেবাখনো নতুন গ্ৰন্থ উন্মোচিত কৰে ৷ সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত পৰিৱেশিত হয় সাংস্কৃতিক অনুষ্ঠান ৷

আৰু পঢ়কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা দৰমহা লৈ কংগ্ৰেছ চলি আছে !

assam assam book fair dhemaji dhemaji book fair