/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a9231ddb-aeb3-4672-a6f5-3808c273367a/Chirang.jpg)
ডিজিটেল সংবাদ, চিৰাং : সমগ্র বিশ্বৰ লগতে সংগতি ৰাখি চিৰাং জিলাৰ বিভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । পুৱা ৮ বজাত জিলা সদৰ কাজলগাঁৱত লোকনিৰ্মান বিভাগৰ উদ্যোগত জিলাকেন্দ্ৰ চৌহদত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, অতিৰিক্ত জিলা উপায়ুক্ত ৰিংখাং মুছাহাৰী, কাৰ্য্যবাহী অভিযন্তা অৱনী শৰ্মাৰ উপস্থিতিত বিভিন্ন প্ৰকাৰৰ ফলমূলৰ গছ ৰোপণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7a15f127-1977-4731-a421-9884a0379c3b/96499bdb_4420_421c_8ad2_b48ead329bd2.jpg)
কেৱল গছপুলি ৰোপণ কৰাই নহয় প্ৰতিটো গছপুলি যাতে ভৱিষ্যতে একোডাল বৃক্ষলৈ পৰিণত হয় তাৰ বাবে স্থায়ী সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা অৱনী শৰ্মাই সদৰি কৰে। লক্ষ্যণীয় ভাবে বিগত বছৰত ৰোপণ কৰা পুলি সমূহৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্বাৰোপ কৰাৰ পৰিলক্ষিত হয়।
তদুপৰি চিৰাং জিলা বনসংমণ্ডল বিভাগৰ উদ্যোগত বিটিচিৰ বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু চিৰাঙৰ বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিৰ উপস্থিতিত বেংতল মহাবিদ্যালয়ত গছপুলি ৰোপণ কৰা হয় । তাৰপিছত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এইবেলি বিশ্ব পৰিৱেশ দিৱসৰ লক্ষ্য উদ্দেশ্য "প্লাষ্টিক এৰক-পৃথিৱী গঢ়ক" শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/776f9209-bd44-4e34-9e36-e27c8056dc55/56c5cbbd_a79c_4a67_a55a_b95e714a18b5.jpg)
তদুপৰি বনবিভাগৰ সৌজন্যত কাজলগাঁও, বাসুগাঁও আৰু বিজনীত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয় । ইপিনে বনবিভাগৰ সৌজন্যত আৰু জিলা এবছুৰ সহযোগত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ কয়লা ময়লাৰ সংৰক্ষিত বনাঞ্চলত তিনি হেক্টৰ ভূমিত পাঁচ হেজাৰ গছপুলি ৰোপণ কৰা হয় ।
বনবিভাগ আৰু এবছুৰ এই যৌথ কাৰ্যসূচী শুভাৰম্ভ কৰে বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে। তদুপৰি চিৰাং বনসংমণ্ডলৰ উদ্যোগত জিলাখনৰ ৯৯০ খন শিক্ষানুষ্ঠান আৰু ৯২০ খন অংগনাবাড়ী কেন্দ্ৰত পাঁচ ডালকৈ গছপুলি, স্বেচ্ছাসেৱী সংগঠনক ৫০ ডালকৈ, এচএচবি, চিআৰপিএফ, বিএছএফ শিবিৰতো দহডালকৈ গছপুলি বিতৰণ কৰা হয় বুলি চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়ে ।
Also Read: জি এম চি এইছলৈ অনা হ'ল উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত আহত অসমৰ যুৱকক...