ঢকুৱাখনাত উত্তাল প্ৰতিবাদ: ন্যায় বিচাৰি হাহাকাৰ জনতাৰ...

এসপ্তাহ অতিক্ৰমাৰ পাছতো নোলাল মৃত্যুঞ্জয় কৰ্মচাৰী অৰুণ বৰুৱাৰ হত্যাকাৰী। অপৰাধীক ফাঁচীৰ দাবীত ঢকুৱাখনা থানা ঘেৰাও...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত উত্তাল প্ৰতিবাদ: ন্যায় বিচাৰি হাহাকাৰ জনতাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অপৰাধ আৰু অপৰাধীক এসেকা দিবলৈ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাবে আনন্দ মিশ্রক নিযুক্তিৰ এদিন পাছতেই অসম আৰক্ষী মুর্দাবাদ ধ্বনিত উত্তাল হ'ল ঢকুৱাখনা সদৰ থানা। অসম আৰক্ষীৰ সোপাধিলা চৰিত্ৰ আৰু নৰঘাটকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰা ব্যৰ্থতাৰ প্ৰতিবাদত সোমবাৰে ৰাজহুৱা প্ৰতিবাদত উত্তাল হয় ঢকুৱাখনা আৰক্ষী থানা।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি দুলিয়া গাঁৱৰ মৃত্যুঞ্জয় ১০৮ সেৱাৰ কৰ্মচাৰী অৰুণ বৰুৱাক বিগত ১২ মে'ৰ  নিশা দুৰ্বৃত্তই ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ ঢকুৱাখনা- ঘূণাসুঁতি লোকনিৰ্মাণ পথৰ ওপৰত প্ৰাণনাশী আক্ৰমণ কৰি অচেতন অৱস্থাত পেলাই উধাও হয়। মূৰ আৰু দেহত কৰা নিৰ্মম প্ৰহাৰৰ ফলত অচেতন হৈ পৰি ৰোৱা নিষ্ঠাবান ১০৮ সেৱাৰ চালকজনক ঢকুৱাখনা আৰক্ষীয়ে উদ্ধাৰ কৰি ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ আত্মীয়ই উন্নত চিকিৎসাৰ বাবে নিয়ে ।

কিন্তু  চিকিৎসাধীন অৱস্থাতে মৰ্মান্তিক মৃত্যুক আঁকোৱালি লয় অৰুণ বৰুৱাই । যোৱা ১২ মে'ত সংঘটিত এই বৰ্বৰ আক্ৰমণৰ সন্দৰ্ভত আত্মীয়ই সদৰ থানাত গোচৰ দিয়াৰ এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো অপৰাধী হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰা ঢকুৱাখনা আৰক্ষীৰ বেপৰোৱা আৰু দায়িত্বহীন কাৰ্যত ক্ষুব্ধ আৰু অতীষ্ঠ মৃত বৰুৱাৰ শুভাকাংক্ষী আৰু গাওঁবাসী ৰাইজে সোমবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি দোষীক চিনাক্ত কৰি ফাঁচী দিয়াৰ দাবী জনাই থানাৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

ঢকুৱাখনা নগৰৰ পৰা অৰুণ বৰুৱাৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্ত মূলক শাস্তি দিয়ক, হত্যাকাণ্ডৰ সৈতে জড়িতক ফাঁচী দিয়ক, অপৰাধীক চিনাক্ত আৰু গ্ৰেপ্তাৰত ব্যৰ্থ অসম আৰক্ষী মুর্দাবাদ, সোপাধিলা অসম আৰক্ষী হায় হায়, স্মাৰ্ট অসম আৰক্ষী নিপাত যাওঁক, অৰুণ বৰুৱাৰ হত্যাৰ বিচাৰ লাগে আদি বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড হাতে হাতে লৈ শ্লোগান দি প্ৰতিবাদী সমদল কৰি সদৰ থানাৰ সন্মুখত উপস্থিত হয়।

বৃহত্তৰ অঞ্চলটোৰ প্ৰতিবাদী ৰাইজ থানাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত সমবেত হৈ হত্যাকাৰীক ঢকুৱাখনা আৰক্ষীয়ে সুৰক্ষা দিয়াৰ অভিযোগ তুলি হত্যাকাণ্ডৰ নায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা নিৰ্লজ ব্যৰ্থতাত একেমুখে ধিক্কাৰ দি বহু সময় ধৰি ঘেৰাও কৰি ৰাখে থানাৰ প্ৰৱেশদ্বাৰ। শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে বহু সময় ধৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

ইপিনে ঢকুৱাখনা কাঠৰবাৰী গাঁৱৰ অমূল্য গোহাঁই ওৰফে কেৰপাই নামৰ এজন যুৱকে দেওবাৰে মুকলি কৈ অৰুণ বৰুৱাক হত্যা কৰা বুলি ৰাজহুৱা স্থানত কৰা স্বীকাৰুক্তিৰ পাছতো গ্ৰেপ্তাৰ নকৰা কাৰ্যত আৰক্ষী জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত উত্থাপিত অভিযোগৰ ভিত্তিত ঢকুৱাখনা আৰক্ষীয়ে 'কেৰপাই'ক আটক কৰি নিজৰ জিম্মাত ৰাখিছে আৰু তদন্ত অব্যাহত ৰাখিছে বুলি জনাইছে।

উল্লেখ্য যে এই বৰ্বৰ হত্যাকাণ্ডৰ নিৰপেক্ষ আৰু ক্ষীপ্ৰ তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবীত ঢকুৱাখনা জিলা চুতীয়া যুৱ সন্মিলন আৰু ঢকুৱাখনা মহকুমা চুতীয়া ছাত্ৰ সন্থাই মহকুমা আৰক্ষী বিষয়া আৰু সদৰ থানাৰ ভাৰাক্ৰান্ত বিষয়াক দুখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Also Read: বিধায়ক পদ্ম হাজৰিকাক অসম মানৱ অধিকাৰৰ বিশেষ বঁটা...

Assam police