চিৰাঙৰ বাসুগাঁৱত জিলা কংগ্ৰেছৰ হাত ছে হাত জোড়ো কাৰ্য্যসূচী...

চিৰাং জিলা কংগ্ৰেছৰ উদ্যোগত দেওবাৰে বাসুগাঁৱত "হাত ছে হাত জোড়ো অভিযান" কাৰ্য্যসূচী ৰূপায়ণ । "হাত ছে হাত জোড়ো" কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি বাসুগাঁও চকবজাৰত এখন পথসভা অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ বাসুগাঁৱত জিলা কংগ্ৰেছৰ হাত ছে হাত জোড়ো কাৰ্য্যসূচী...

হাত ছে হাত জোড়ো কাৰ্য্যসূচী

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলা কংগ্ৰেছৰ উদ্যোগত দেওবাৰে বাসুগাঁৱত "হাত ছে হাত জোড়ো অভিযান" কাৰ্য্যসূচী ৰূপায়ণ । "হাত ছে হাত জোড়ো" কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি বাসুগাঁও চকবজাৰত এখন পথসভা অনুষ্ঠিত কৰে ।

Advertisment

কংগ্ৰেছৰ এই পথসভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি গুণকান্ত গগৈ, সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰী উপস্থিত থাকি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে ।

কংগ্ৰেছৰ হাত ছে হাত জোড়ো কাৰ্য্যসূচী
কংগ্ৰেছৰ হাত ছে হাত জোড়ো কাৰ্য্যসূচী

বিজেপিৰ শাসনকালত সমগ্ৰ দেশজুৰি ৰন্ধন গেছ, প্ৰেট্ৰলিয়াম জাতীয় ইন্ধন লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যি হাৰত মূল্যবৃদ্ধি হৈছে ফলস্বৰূপ দেশৰ সাধাৰণ জনতা জুৰুলা হৈ পৰিছে বুলিও শাসকীয় পক্ষক সমালোচনা কৰে ।

বিজেপিৰ শাসনকালত ভাৰতীয় ষ্টেট বেংক, এল আই চি দৰে বিত্তীয় প্ৰতিষ্ঠানত দেশৰ কোটি কোটি মানুহৰ কষ্টোপাৰ্জিত জমা ৰখা ধনৰ অপব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ ঘনিষ্ঠ পূঁজিপতি গৌতম আদানীৰ লগতে বিজেপিৰ নেতা কেডাৰ সকলে লুণ্ঠন কৰি আৰ্থিক জালিয়াতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ।

Also Read: শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান...

congress haat se shat jhoru