/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/64227716-5422-4b17-8302-e579f06215c1/hornbill.jpg)
hornbill
ডিজিটেল সংবাদ, ৱাখা: নাগালেণ্ডে বৃহস্পতিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬০ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । পুৱা ৰাজধানী ক'হিমাৰ ৰাজ্যিক সচিবালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা নাগালেণ্ড ৰাজ্যৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে ভাষণ দি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে নাগালেণ্ডৰ উন্নয়ন আৰু শান্তিৰ পথ আগুৱাই নিবলৈ তথা নগা ৰাজনৈতিক সমস্যাৰ সমাধান অনাৰ দিশত কাম কৰিবলৈ নগা জনসাধাৰণক আহ্বান জনায় ।
মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে নগা জনসাধাৰণৰ উদ্দেশি কয় যে আমাৰ মতা নৈক্যই আমাৰ উমৈহতীয়া পৰিচয়ক আগবাঢ়িলৈ নিদিয়াৰ সময়ত নগা জাতিৰ বৃহত্তৰ লক্ষ্য আৰু সাফল্যৰ সন্ধানত একত্ৰিত হোৱাটো আমাৰ কৰ্তব্য। ৰিঅৱে আৰু কয় যে আমি নগা ৰাজনৈতিক বিষয়টোৰ প্ৰতিও সচেতন হৈ আছো আৰু চূড়ান্ত নিষ্পত্তিৰ বাবে আমি অপেক্ষা কৰি আছো। নগা ৰাজনৈতিক বিষয়টো ৰাজ্য গঠনৰ পূৰ্বৰ আৰু ইয়াৰ সমাধানৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্মৰ ধৰি নগা ৰাইজে প্ৰচেষ্টা কৰা দেখা গৈছে বুলিও তেওঁ কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/734238a9-491e-4f2f-a547-36e948b7a719/WhatsApp_Image_2022_12_02_at_8_15_45_AM.jpeg)
যোৱা কেইবছৰমানৰ পৰা ৰাজ্যখনত নগা সমস্যাৰ সমাধান ক্ষেত্ৰত অগ্ৰগতি দেখা গৈছে আৰু আমাৰ প্ৰত্যেকেই এতিয়া সমাধানৰ বাবে আগৰ তুলনাত অধিক আশাবাদী। মুখ্যমন্ত্ৰী ৰিঅৱে নগা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সপোনক বাস্তৱত পৰিণত কৰিব বাবে প্ৰকৃত অৰ্থত বুজাবুজিৰ মনোভাৱেৰে আৰু কোনো পলম নকৰাকৈ সমাধান আনিবলৈ নগা ৰাজনৈতিক গোট, কেন্দ্ৰ, আৰু আন সকলো সংশ্লিষ্ট সকলোকে আহবান জনায় ।
ইফালে নাগালেণ্ড প্ৰতিষ্ঠা দিৱসৰ সমান্তৰালকৈ কালিৰ পৰা নগা জাতিৰ পুৰাতন বৰ্ণিল লোককৃষ্টিৰে দহদিনীয়াকৈ ক'হিমা ঐতিহ্য গাঁৱ কিছামাত আৰম্ভ হৈছে ২৩ সংখ্যক হৰ্নবিল ফেষ্টিভেল । বিয়লি ৪ বজাত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে আদৰণি ভাষণ প্ৰদান কৰি কয় - হৰ্ণবিল ফেষ্টিভেল ব্ৰেণ্ড নাগালেণ্ড আৰু উদীয়মান নগা চফ্ট পাৱাৰৰ প্ৰতীক।
এই ফেষ্টিভেলে নগা যুৱক-যুৱতীসকলৰ নতুন প্ৰজন্মৰ শক্তি, সজীৱতা আৰু উচ্চাকাংক্ষাক প্ৰকাশ কৰে। তেওঁ কয়,এই উৎসৱ নগা জীৱন-ধাৰণৰ উদাহৰণ, উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহৰ লগতে নগাসকলৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0ef19fdf-ed9b-415c-9651-5422583873f3/WhatsApp_Image_2022_12_02_at_8_15_46_AM__1_.jpeg)
এই ফেষ্টিভেলৰ লক্ষ্য হৈছে জনসাধাৰণৰ সংস্কৃতি আৰু ঐতিহ্যক সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰ, একে সময়তে অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ সুযোগ সৃষ্টি। আনহাতে ভাষণ নাগালেণ্ডৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে একতা, প্ৰেম আৰু ক্ষমাৰ অনুভূতি বিনিময় কৰিবলৈ সকলোকে আহ্বান জনায়।
ইয়াৰ পিছতে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে হৰ্নবিল মহোৎসৱৰ ২৩ সংখ্যক সংস্কৰণৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে উদ্বোধনী গং অৰ্থাৎ বৰকাঁহ বজাই উৎসৱ মুকলি কৰে।
হৰ্নবিল ফেষ্টিভেল উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে ভাৰতীয়সকলে নিজৰ জনজাতীয় সংস্কৃতিক লৈ গৌৰৱ কৰে। নগাসকলৰ অনন্য সংস্কৃতি আৰু গৌৰৱময় ইতিহাসৰ বাবে মই জনজাতীয় সংস্কৃতিক প্ৰণাম কৰো। মই জনজাতীয় শক্তিক প্ৰণাম কৰো। নাগালেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্যক মোহনীয় বুলি অভিহিত কৰি তেওঁ ৰাজ্যখনৰ পৰ্যটনৰ বৃহৎ সম্ভাৱনা আছে বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7d9c3167-c537-4383-8127-2312225138fc/WhatsApp_Image_2022_12_02_at_8_15_47_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6e59c1ea-8e8c-4bb0-b9de-96a54ee10636/WhatsApp_Image_2022_12_02_at_8_15_41_AM.jpeg)
আনহাতে দেশৰ ভিতৰতে মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ সৰ্বনিম্ন হোৱা বুলি নাগালেণ্ডক প্ৰশংসা কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজ্যখনে মহিলা সবলীকৰণৰ ক্ষেত্ৰত সফলতা দেখুৱাইছে। আজিৰ পৰা ভাৰতে জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰা বুলি উল্লেখ কৰি ধনখড়ে কয় যে অহা বছৰৰ এপ্ৰিল মাহত নাগালেণ্ডত জি-২০ৰ এখন বৈঠক অনুষ্ঠিত হ’লে বিশ্বই নগা আতিথ্যৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। উপ-ৰাষ্ট্ৰপতি ফেষ্টিভেলৰ স্মৃতিত এটি ডাক টিকট মুকলি কৰে।
হৰ্নবিল ফেষ্টিভেল উদ্বোধন কৰাৰ পিছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কিছামাৰ নগা হেৰিটেজ ভিলেজৰ আৰ্ট গেলেৰী আৰু মৰুংছ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ২৩ সংখ্যক হৰ্নবিল উৎসৱৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে থাকি ভাৰতস্থ ফান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইন, দক্ষিণ এছিয়াৰ বাণিজ্য আয়ুক্ত আৰু পশ্চিম ভাৰতৰ ব্ৰিটিছ উপ উচ্চ আয়ুক্ত এলান জেমেল আৰু ভাৰতস্থ অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত বেৰী অ'ফেৰেল আও ভাষণ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/dbb5514d-52b1-4531-b0df-62fab5a98f3d/WhatsApp_Image_2022_12_02_at_8_15_44_AM.jpeg)
ইয়াৰ পিছত নাগালেণ্ডৰ আংগামী , আও ,ছাংটাম , কন্যাক , লুথা , জেলিয়াঙ , ৰেংমা ফম , কছাৰী আৰু গাৰো জনগোষ্ঠীয়ে নিজৰ নিজৰ লোকনৃত্য প্ৰদৰ্শন কৰি হাজাৰ হাজাৰ পৰ্যটকক মুগ্ধ কৰে ।উল্লেখযোগ্য দহদিন ধৰি চলিব লগা এই হৰ্নবিল উৎসৱত পৰম্পৰা এথনিক ফুড , হস্তশিল্প , দ্বিতীয় বিশ্বযুদ্ধৰ শান্তি ৰেলী , নগা পৰম্পৰাগত লোক ক্ৰীড়া আৰু হেণ্ডচেক ৰক সংগীত কনচাৰ্ট অনুষ্ঠিত হ'ব । নগাসকলৰ পুৰাতন লোককৃষ্টি চাবলৈ ইতিমধ্যে হাজাৰ হাজাৰ দেশ-বিদেশৰ পৰ্যটকে বৃহস্পতিবাৰৰ পৰা কিছামৰ বাকৰিত ভিৰ কৰিছে ।
আৰু পঢ়ক: ৰেগিঙৰ বলি হৈ আই আই টি খড়পুৰত অসম সন্তানৰ মৃত্যুৰ প্ৰসংগ, ক্ষুব্ধ ন্যায়ালয়