চিৰাঙৰ বাসুগাঁৱত অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিতৰণ বিজেপিৰ!

চিৰাঙৰ বাসুগাঁৱত অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিতৰণ বিজেপিৰ!

ডিজিটেল সংবাদ, চিৰাংঃ নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি চিৰাঙৰ বাসুগাঁও চহৰত বিজেপি কৰ্মীসকলে নিশাৰ এন্ধাৰত ভোটাৰ ৰাইজক প্ৰলোভন দি অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শুকুৰবাৰে সন্ধিয়া ভাগত বাসুগাঁও চহৰৰ দুই ওৱাৰ্ডত বিজেপিৰ বুথ কমিটিৰ সভানেত্ৰী বেবী সাহাই মানুহৰ ঘৰে ঘৰে গৈ অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিলাই থকাৰ খবৰ লাভ কৰি বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শুদ্ধ বসুমতাৰী, কেন্দ্ৰীয় সমিতিৰ নেতা প্ৰদীপ দত্ত সহ বিপিএফ সমৰ্থক সকলে উপস্থিত হৈ বিজেপিৰ কৰ্মী গৰাকীক হাতেলোটে ধৰা পেলায়।

বিপিএফ দলৰ নেতা কৰ্মীসকলে বিজেপিৰ মহিলা নেতাগৰাকীক বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে । ইয়াকে কেন্দ্ৰ কৰি এলেকাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিজেপি আৰু ইউপিপিএল দলৰ নেতা কৰ্মীসকলে ভোটাৰ ৰাইজক প্ৰলোভন দেখুওৱাই যি অৰুণোদই আচঁনিৰ যিবিলাক প্ৰপত্ৰ বিলাই আছে উক্ত প্ৰপত্ৰসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ইউপিপিএল দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ট্ৰেক্টৰৰ ছবি আছে। যিটো নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা হৈছে বুলি বিপিএফ ফালৰ পৰা অভিযোগ উত্থাপন কৰে।

সেই সময়ত ঘটনাস্থলীত আহি উপস্থিত বিজেপিৰ জিলা পৰ্য্যায়ৰ কেইবাগৰাকী নেতা কৰ্মী। তেতিয়া দুই ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলৰ মাজত তীব্ৰ যুক্তি তৰ্ক আৰম্ভ হয়। পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগতেই বিপিএফ দলৰ পৰা বাসুগাঁও আৰক্ষী থানাত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ কৰাত বাসুগাঁও থানাৰ পৰা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অৰুণোদই আচঁনিৰ প্ৰপত্ৰসমূহ জব্দ কৰি থানাত লৈ যায়।

ঘটনা সন্দৰ্ভত বিপিএফ দলৰ উপ সভাপতি শুদ্ধ বসুমতাৰীয়ে নিৰ্বাচন আয়োগে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে আজি সন্ধিয়া চিদলী-চিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বাসুগাঁও চহৰৰ উপৰি পাৰ্শ্বৱৰ্তী নিচিনাপাৰা, থুৰিবাৰী, ঢালিগাঁৱৰ বৰতালোৱা আদি অঞ্চলতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে বিপিএফ দলৰ নেতা কৰ্মী সকলে ।

চিৰাঙৰ বাসুগাঁৱত অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিতৰণ বিজেপিৰ!
৪লাখ ভোটৰ ব্যৱধানত দিলীপ কুমাৰ শইকীয়া জয়ী হ'বঃ অশোক সিংহল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in