চম্পাৱতী নৈৰ শিল-বালিৰ মহলক কেন্দ্ৰ কৰি চিৰাঙত উত্তপ্ত পৰিস্থিতি...

চিৰাং জিলাৰ বাসুগাঁও চহৰ সমীপৰ ভুটিয়াপাৰাত চম্পাৱতী নৈৰ শিল বালিৰ মহলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ হস্তক্ষেপত বন্ধ হ'ল শিল বালি মহলৰ কাম-কাজ...

author-image
Asomiya Pratidin
New Update
চম্পাৱতী নৈৰ শিল-বালিৰ মহলক কেন্দ্ৰ কৰি চিৰাঙত উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ, চিৰাং : শিল বালিৰ মহলক কেন্দ্ৰ কৰি চিৰাং জিলাৰ বাসুগাঁও চহৰ সমীপৰ ভুটিয়াপাৰাত বৃহস্পতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নতুনকৈ চম্পাৱতী নৈৰ বুকুত স্থাপন কৰা শিল-বালিৰ মহলৰ বালি কঢ়িয়াই নিয়া ডাম্পাৰৰ দ্বাৰা গাঁৱখনৰ মুখ্য চিচি ব্লক পথৰ ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় কেইবা শতাধিক উত্তেজিত পুৰুষ মহিলাই বলপূৰ্বক মহলৰ কামকাজ বন্ধ কৰি দিয়ে।

Advertisment

ভূটীয়াপাৰাত শিল-বালিৰ মহল স্থাপন কৰাৰ বিষয়টোত প্ৰৱল আপত্তি থকা স্বত্বেও গাঁওবাসী আপত্তিক উপেক্ষা কৰি একপ্ৰকাৰ দাদাগিৰি দেখুৱাই চম্পাৱতী নৈৰ বুকুত শিল-বালিৰ মহল স্থাপন কৰা বাবেই বৃহস্পতিবাৰে স্থানীয় পুৰুষ মহিলা একত্ৰিত হৈ মহল স্থাপন লোকসকলৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয়। খবৰ লাভ কৰি ঘটনাস্থলীত বাসুগাঁও থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায় যদিও বহু সময় লৈকে পৰিস্থিতি উত্তপ্ত হৈ থাকে।

স্থানীয় লোকৰ অভিযোগ ভূটীয়াপাৰাৰ চম্পাৱতী নৈৰ বুকুত যদি এই শিল-বালিৰ মহল স্থাপন কৰি খননকাৰ্য চলাই থাকে তেনেহলে ভৱিষ্যতে ভূটীয়াপাৰা গাঁৱৰ নামনি অংশত দুই শতাধিক লোকৰ বাসগৃহ, কৃষিভূমি গৰাখহনীয়াৰ কবলত পৰি চম্পাৱতী নৈৰ বুকুত জাহ যোৱাৰ আশংকাআছে। যাৰ কাৰণে কোনোপধ্যেই এই ভূটীয়াপাৰা অঞ্চলত শিল-বালিৰ মহল স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। তদুপৰি শিল-বালিৰ মহল স্থাপন কৰা ঠাইত নিশা হ'লেই বহে মদৰ আড্ডা। যাৰ বাবে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। যিটো বিষয় অঞ্চলটোৰ ৰাইজে সহজ ভাবে মানি লব পৰা নাই।

যিটো শিল-বালিৰ মহল বন্ধ কৰাৰ দাবীত ৰাইজ ওলাই আহিছে সেই শিল-বালিৰ মহলত অংশীদাৰ হৈ আছে শাসকীয় ইউপিপিএল দলৰ বাসুগাঁও প্ৰাথমিক সমিতিৰ সভাপতি ফৈলাও বসুমতাৰী। সেয়ে বিষয়টো লৈ সাধাৰণ ৰাইজৰ মাজত ব্যাপক চৰ্চা হৈছে। বালি মহলৰ দ্বাৰা নৈপৰীয়া ৰাইজৰ ক্ষয়ক্ষতিৰ আশংকা নিশ্চিত ভাবে আছে তেনেক্ষেত্ৰত চিৰাং বনসংমণ্ডল বিভাগৰ পৰা কিদৰে এই শিল-বালি মহলৰ অনুমোদন দিলে বা ক্ষেত্ৰভিত্তিক পৰিদৰ্শন নকৰাকৈয়ে লোকনিৰ্মান বিভাগৰ পৰা পথচোৱা ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে । উল্লেখ্য আজিৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে কোনোধৰণৰ মিমাংসা নোহোৱা লৈকে শিল বালিৰ মহলৰ কাম বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে ।

Also Read: বিদ্যুৎ বিলৰ বিলৈ: এ পি ডি ছি এল-জুবিন পত্নীৰ বাকযুদ্ধ...

forest department of assam