অতিৰিক্ত মাত্ৰাত পলিঅ'ৰ প্ৰতিষোধক সেৱন কৰোৱাৰ ফলত চিকিৎসাধীন দেৱশিশু

অতিৰিক্ত মাত্ৰাত পলিঅ'ৰ প্ৰতিষোধক সেৱন কৰোৱাৰ ফলত চিকিৎসাধীন দেৱশিশু

ডিজিটেল ডেস্কঃ আশাকৰ্মীৰ চৰম গাফিলতিৰ বাবে চিকিৎসাধীন হবলগীয়া হৈছে এটি শিশু। অতিৰিক্ত মাত্ৰাত পলিঅ'ৰ প্ৰতিষেধক সেৱন কৰোৱাৰ ফলত এন আই চি ইউত চিকিৎসাধীন হ'বলগীয়া হৈছে এটি ২৩ দিনীয়া শিশু।

শোণিতপুৰ জিলাৰ ৰঙাপাৰাত সংঘটিত হৈছে এই ঘটনা।যোৱা দেওবাৰে শিশুটিক পলিঅ' প্ৰতিষেধক দিবলৈ নিছিল।অভিযোগ মতে,প্ৰতিষেধক কেন্দ্ৰত আশাকৰ্মীৰ উপস্থিতিতে শিশুটিক প্ৰতিষেধক দিয়ে এগৰাকী ১৫-১৬ বছৰীয়া কিশোৰীয়ে।কিন্তু অনভিজ্ঞ কিশোৰীগৰাকীয়ে মাত্ৰ দুটোপাল প্ৰতিষেধকৰ পৰিবৰ্তে অতিৰিক্ত মাত্ৰাত শিশুটিৰ মুখত ঢালি দিয়ে পলিঅ' প্ৰতিষেধক।

পৰৱৰ্তী সময়ত গুৰুতভাৱে অসুস্থ হৈ পৰে শিশুটি।শিশুটিৰ অভিভাৱককে জনোৱা মতে কিছুসময়ৰ পিছত শিশুটিৰ মুখেৰে ফেন ওলায়।গুৰুতৰভাৱে অসুস্থ শিশুটিক ভৰ্তি কৰোৱা হয় তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত।বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে শিশুটি।চিকিৎসকে শিশুটি সুস্থিৰ হৈছে বুলি জনাইছে যদিও চিন্তিত হৈ আছে অভিভাৱক।

অতিৰিক্ত মাত্ৰাত পলিঅ'ৰ প্ৰতিষোধক সেৱন কৰোৱাৰ ফলত চিকিৎসাধীন দেৱশিশু
নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in