
ডিজিটেল ডেস্কঃ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। শিশুৱেই হ’ল মানৱ জীৱনৰ আটাইতকৈ সংবেদনশীল অংশ। যি চিৰ সুন্দৰ। শিশুৰ মন অভিজ্ঞতাৰ আঘাতে নোকোবোৱা এধানি কলিৰ দৰে। আজি শিশু দিৱস।
এই শিশু সকলক সঠিক আৰু নিৰাপদ পৰিৱেশত আপদাল কৰি ভৱিষ্যতলৈ একোজন কৰ্তব্য পৰায়ণ আৰু দ্বায়িত্বশীল নাগৰিকৰূপে গঢ় দিয়াৰ দ্বায়িত্ব সমগ্ৰ সমাজ খনৰেই । সেই শিশু সকলৰ বাবেই দেশত আজি উদযাপন কৰা হ'ব এটি বিশেষ দিনৰ ।
আজি ১৪ নৱেম্বৰ । দেশৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন । পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি । পণ্ডিত গৰাকীয়ে অনুধাৱন কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা । আনহাতে, শিশু সকলৰ মাজত পণ্ডিত গৰাকী জনপ্ৰিয় আছিল 'নেহৰু চাচা' ৰূপে । যাৰ বাবেই ১৪ নৱেম্বৰৰ দিনটো প্ৰত্যেক বছৰে দেশত পালন কৰি অহা হৈছে শিশু দিৱস ৰূপে ।
শিশু দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী । শিশুসকলৰ সৰ্বাংগীন বিকাশৰ অৰ্থে নৃত্য-গীত, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ মাজেৰে আজিৰ দিনটো উদযাপন কৰা হ'ব বিভিন্ন অনুষ্ঠানসমূহত।