মঙলদৈত অচিনৰোগৰ আতংক, শিশুক লৈ অভিভাৱকৰ পলায়ন...

মঙলদৈৰ জলজলিৰ সমীপৱৰ্তী গৰণীয়াপাৰা, আলাগঝাৰি আদি সংলগ্ন গাঁৱৰ একাংশ শিশু অচিন ৰোগত আক্ৰান্ত হোৱাৰ পাছত শিশুক লৈ অভিভাৱকৰ পলায়নৰ তথ্য আজি পোহৰলৈ আহিছে
Representative image
collected photo
Representative image collected photo

প্ৰতিদিন সংবাদ, দৰংঃ মঙলদৈৰ জলজলিৰ সমীপৱৰ্তী গৰণীয়াপাৰা, আলাগঝাৰি আদি সংলগ্ন গাঁৱৰ একাংশ শিশু অচিন ৰোগত আক্ৰান্ত হোৱাৰ পাছত শিশুক লৈ অভিভাৱকৰ পলায়নৰ তথ্য আজি পোহৰলৈ আহিছে । অঞ্চলটোৰ ১০ বছৰ বয়সৰ তলৰ শিশু একাংশৰ প্ৰথমে জ্বৰ, কাহ, তেজেৰে শৌচ-বমিৰ লগতে চকু ৰঙা পৰি দুৰ্বল হৈ পৰে আৰু পাছলৈ দুৰ্বল হৈ অচিন ৰোগত আক্ৰান্ত হৈছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে।

যাৰবাবে ঘৰত শিশু থকা বহু পৰিয়ালে এতিয়া অচিন ৰোগৰ পৰা নিজৰ সন্তানক বচাবলৈ গাঁৱৰ পৰা আতৰি সন্পৰ্কীয় লোকৰ ঘৰত আশ্ৰয় লোৱা বুলি সদৰি কৰিছে ।

গৰণীয়াপাৰা গাঁৱৰ ইতিমধ্যে ৭ গৰাকীকৈ শিশু এনে ৰোগত আক্ৰান্ত হৈ পোনতে জলজলি চিকিৎসালয় আৰু পাছলৈ মঙলদৈ অসামৰিক চিকিৎসালয় আৰু জিএমচিএইচত ভৰ্তি কৰিব লগা হৈছে । আক্ৰান্তৰ মাজতে আকৌ ৩ গৰাকী শিশুৰ অৱস্থা সংকটজনক হোৱাত জিএমচিএইচৰ আইচিইউ ভৰ্তি কৰোৱাব লগা হৈছে ।

চিকিৎসা বিভাগে ৰোগবিধ চিনাক্তকৰণ, ৰোগবিধৰ সাম্ভাৱ্য কাৰণ উদ্ধাৰৰ বাবে ভাইৰেল ডিজিজ কন্ট্ৰোল চেন্টাৰলৈ তেজৰ নমুনা প্ৰেৰণ কৰিছে যদিও সপ্তাহচেৰেক পাছতহে বিষয়টো অৱগত হব বুলি দেওবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে । একেদৰে ৰোগবিধ অধিক সোচৰাৰ পৰা ৰক্ষা কৰিবলৈ জিলাখনৰ সকলো বিভাগ নামি পৰা বুলিও দাবী কৰিছে ।

উল্লেখ্য যে, ৩০ মাৰ্চৰ পৰা গাওঁখনৰ কেইবাজনো শিশু মেনিলা ৰোগৰ লক্ষণৰ দৰে তেজেৰে বমি পায়খানা কৰিব লয় । দুজনমানৰ আকৌ চকুৰে তেজ ওলোৱা বুলিও অভিভাৱকে সদৰি কৰিছে ।

ৰোগবিধৰ এনে লক্ষণ প্ৰত্যক্ষ কৰি বিয়পি পৰাৰ ভয়ত প্ৰায় ৮/১০ টা পৰিয়ালৰ শিশুক বিদ্যালয়ত যোৱাৰ পৰা আতৰাই সম্পৰ্কীয় লোকৰ ঘৰলৈ লৈ যায় । ৰোগাক্ৰান্ত ৭ জনৰ পোনতে ৫ জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু ৰোগবিধ চিনাক্ত কৰাত ব্যৰ্থ হয় চিকিৎসক ।

চিকিৎসকে ৰোগবিধ চিনাক্ত নোহোৱাত ৰোগাক্ৰান্তক বিশেষ চিকিৎসাৰ সলনি কেৱল চেলাইন দি দুৰ্বল হোৱাৰ পৰা ৰক্ষা কৰে । পিছে গাঁৱখনৰ ৩ জনৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হয় । ৰোগবিধ পোহনীয়া গাহৰি, মুৰ্গী আদিৰ পৰা সোচৰাৰ লগতে কভিডৰ নতুন ভেৰিয়েন্ট হবও পাৰে বুলি অভিভাৱক সকল অধিক সচেতন হৈ পৰে ।

সততে বিহাৰ অথবা অন্য ৰাজ্যত শিশুৰ এনেৰোগে বাতৰিৰ শিৰোনাম দখল কৰাৰ পাছত চিকিৎসক সকলো ৰোগ চিনাক্তকৰণৰ বাবে জিলা প্ৰশাসনক ভিন্ন দিশত সচেতনতা অৱলম্বনৰ পোষকতা কৰে ।

মেলেৰিয়া, টাইফয়ড, ডেংগু, হুপিং কাহকে ধৰি ভিন্নৰোগৰ সন্দেহত শিশুৰ তেজৰ নমুনা সংগ্ৰহ কৰে । ইতিমধ্যে গৰণীয়াপাৰা গাৱত দৰং জিলা স্বাস্থ্য বিভাগৰ পৰা দল প্ৰেৰণ কৰি তেজৰ নমুনা সংগ্ৰহ কৰি অঞ্চলটোত সজাগতাৰ ব্যৱস্থা কৰা হৈছে যদিও অচিন ৰোগে অব্যাহত ৰাখিছে আতংক ।

Representative image
collected photo
গহপুৰত বিহু কৰ্মশালা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in