শিশু বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱীণ…

শিশু বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱীণ…

author-image
asomiyapratidin
New Update
শিশু বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱীণ…

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ পৰ্বত বাগিচাত এগৰাকী নবছৰীয়া শিশু বলাৎকাৰ কৰা অভিযোগত প্ৰবীণ গড় (২৪) নামৰ এটা লম্পটক দেওবাৰে আৰক্ষীয়ে আটক কৰিছে ৷

Advertisment

পানী বিচৰাৰ চলেৰে লম্পটটোৱে বাগিচাখনৰ শিশুটিক ওচৰলৈ মাতি অকলশৰে থকাৰ সুযোগ লৈ অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।

শিশুটিয়ে পৰিয়ালৰ লোকৰ আগত ঘটনা সন্দৰ্ভত অৱগত কৰাত পৰৱৰ্তী সময়ত স্থানীয় একাংশ লোকে লম্পটটোক কৰায়ত্ত কৰি বাৰুকৈয়ে উত্তম মাধ্যম সোধাই অভিযুক্তক আৰক্ষীৰ হাতত চমজাই দিয়ে৷ এই ঘটনাই বাগিচাখন তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

আৰু পঢ়ক: আছু গেলিছে…

assam rape arrested charaideo