আছু গেলিছে নেকি?

আছু গেলিছে নেকি?

মৃদুল কুমাৰ সন্দিকৈ

সন্দেহত আছু।  বহু ভুল আছুৱে কৰিছে। তাৰপাছতো ৰাইজে আছুক জাতীয় সংগঠনৰ মৰ্যদাৰে এই মুহুৰ্তলৈকে আদৰি লৈ আছে। কইনাধৰাত নিশা আছুৰ শীৰ্ষ নেতত্বৰে ২৫ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপন বৈঠক হৈছিল।

প্ৰশ্ন উঠিছে নিশা এন্ধাৰত কইনাধৰাত উঠি সমুজ্জ্বল ভট্টাচাৰ্য বাহিনীয়ে কি গোপন মন্ত্ৰণাত বহিল। তেওঁলোকে এয়া অনানুষ্ঠানিক আৰু জাতীয় স্বাৰ্থত কৰা আলোচনা বুলি দাবী কৰিলেও অসমৰ ৰাইজে কেনেদৰে মানি লয় তেওঁলোকে সেয়াই কৰিছে।

বহু অভিযোগ আছে তেওঁলোকৰ বিৰুদ্ধে। তাৰপাছত এনে আচৰণে তেওঁলোকে কিবা ভাল কাম কৰিবলৈ গ'লেও ইয়াত সন্দেহৰ অৱকাশ ৰৈ যাবই। আছু বিক্ৰী গ'ল বুলি বহুতেই কোৱা কুই কৰে।

বিজেপিৰ জেপত সঁচাকৈয়ে সোমাল নেকি আছু? জাতীয় স্বাৰ্থত যদি এই মন্ত্ৰণা হৈছিল অসমবাসীৰ পৰা কিয় আঁৰত ৰখা হৈছে কথাবোৰ। কইনাধৰাৰ এক ডেৰ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি, সংবাদ মাধ্যমক আঁতৰাই ৰাখি জাতিৰ স্বাৰ্থৰ নামত অসমবাসীক বন্ধকত দিবলৈ আছুক কোনোৱে অধিকাৰ দি থোৱা নাই।

আনুষ্ঠানিক, অনানুষ্ঠানিক যিয়েই নহওক কিয় মুকলি পৰিৱেশত স্বচ্ছ  ভাৱে পাতিব পৰা নহ'ল। বিজেপিয়ে অতি পৰিকল্পিতভাৱে আছুক বদনামী কৰিবলৈ যিখন জাল পাতিছিল সেই জালত আছুৰ নেতৃত্বই সমুজ্জ্বল ভট্টাচাৰ্যৰ পৰামৰ্শত ভৰি দিলে বুলিয়েই এতিয়া চৰ্চা হৈছে।

চাকৰিৰ পৰা অৱসৰ লোৱাৰ সময়ত আছুৰ মুখ্য উপদেষ্টাৰ পদ খামুচি ধৰি থকা সমুজ্জ্বল ভট্টাচাৰ্যই শিৰ ফুলাই যিমানেই যুক্তি নিদিয়ক কিয় তেওঁৰ সততাৰ গভীৰতা বাম হৈ আহিল।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিজেপিয়ে অসমৰ ৰাজনীতিত তেওঁলোকৰ পক্ষ লাভান্বিত হোৱাকৈ যি পৰিকল্পনা ৰচিছে সেই পৰিকল্পনা বাস্তৱৰ ৰূপ দিবলৈ অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰী কৰাৰ প্ৰলোভনেৰে আছুক আকৌ এবাৰ টোপ দিলে নেকি?

সাম্প্ৰদায়িক ৰাজনীতিৰ গইনাৰে জন গাঠনিৰ ভিত্তিত বিজেপিৰ সহায়ক হোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে আছুৰ জৰিয়তে এক আন্দোলন বা দাবী তুলি ইয়াক কাৰ্যকৰী কৰাৰ ষড়যন্ত্ৰ বহুদিনৰ।

দেখাত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা হোৱা যেন লাগিলেও আছুক জেপত ভৰাই বিজেপিয়ে নিজৰ ৰাজনৈতিক মুনাফা সিদ্ধি কৰিবলৈ আছুক শিখণ্ডি ৰূপত ব্যৱহাৰ কৰিলেও আচৰিত হ'ব লগা একো নাথাকিব।

এই সময়তে আছু কইনা ধৰালৈ যোৱা মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, দুই উপদেষ্টা আৰু সভাপতি সম্পাদক ক্ৰমে দিপাংক কুমাৰ নাথ, শংকৰজ্যোতি বৰুৱাই গোপন বৈঠকৰ সন্দৰ্ভত জবাবদিহী হ'ব লগা হৈছে অসমৰ ৰাইজৰ পৰা।

চৰ্চালৈ আহিছে সেই পুৰণি দিনৰ কথা যেতিয়া তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক গোপনে সাক্ষাৎ কৰাৰ অভিযোগত আছুৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ ছাত্ৰ নেতা হিমন্ত বিশ্ব শৰ্মাক সমুজ্জ্বল ভট্টাচাৰ্যই আছুৰ পৰা বহিষ্কাৰ কৰিছিল।

সেয়েহে এতিয়া বিভিন্ন জনে প্ৰশ্ন কৰিছে অনুৰূপ অভিযোগত এই সকল নেতাৰ বিৰুদ্ধে কিয় অসমৰ ৰাইজ গৰ্জি নুঠিব।মুখ্যমন্ত্ৰীয়ে কইনাধৰালৈ নিশা এনেকৈ মাতি নিয়া কথাবোৰ সেয়েহে সন্দেহৰ মাজত সোমাই পৰিছে।

দেখাত জাতীয় সমস্যাক লৈ আলোচনা কৰিলেও বিজেপিৰ পক্ষতেই যে আছুৱে সুবিধাজনক স্থিতিত ৰৈ জাতীয় সমস্যাৰ নামত আন এক ভেকোঁভাওনা কৰিব বুলি ৰাইজে ধৰি লৈছে।

 হয়তো বিভিন্ন সমস্যাক লৈ পূৰ্বৰ দৰে নিয়মমাফিক আলোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে অচিৰেই অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে মুখ্যমন্ত্ৰী আৰু অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ উপস্থিতিত বহা এই বৈঠক কোনো কাৰণতেই অসমৰ ৰাইজে অনানুষ্ঠানিক বুলি মানি ল'ব নোৱাৰে।

চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছত আছুৰ নেতৃত্বই ২৪ ঘন্টাৰ বালিত মুৰ গুজা উট পক্ষীৰ দৰে নিজক ৰক্ষা কৰিবলৈ চেষ্টা কৰিলেও তেওঁলোকৰ জাতীয়তাবাদৰ নামত এনে ভণ্ডামী ফাদিল হৈ পৰিছে।

জাতিৰ স্বাৰ্থৰ কথা জাতিক নকৈ মুখ্যমন্ত্ৰীৰ সৈতে গোপন বৈঠক পাতি বিজেপিৰ হৈ কাম কৰা এক পৰিৱেশ ৰচনাৰে আছুৰ নেতৃত্বই অসমৰ ৰাকইজৰ সন্মুখত সংগঠনটোকেই বদনামী কৰি তুলিলে।

নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকৈ গোপনে তেওঁলোকক মাতি নি বান, মহাৰাষ্ট্ৰৰ বিসম্বাদ আদিৰ বাবে চৰ্চাত থকা বিয়য়বোৰক তল পেলাই আছুক বেকফুটলৈ ঠেলি দি এক গুলীত দুই চিকাৰ কৰি দিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in