চিলাপথাৰত বাল্য বিবাহৰ লগত জড়িত ১২ জন অবৈধ স্বামীক আটক আৰক্ষীৰ

ৰাজ্যজুৰি বাল্য বিবাহৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা দিয়াৰ

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত বাল্য বিবাহৰ লগত জড়িত ১২ জন অবৈধ স্বামীক আটক আৰক্ষীৰ

ডিজিটেল সংবাদ,চিলাপথাৰঃ ৰাজ্যজুৰি বাল্য বিবাহৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা দিয়াৰ পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী। চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুহিধৰ টায়েৰ নেতৃত্বত অভিযান চলাই চিলাপথাৰৰ অঞ্চলৰ বিভিন্ন ঠাইত অভিযান চলাই এই মূহুৰ্তত লৈকে বাল্য বিবাহৰ লগত জড়িত ১২ জন স্বামীক আটক কৰিছে।

Advertisment

ধৃত আটকাধীন হোৱা লোক কেইজন হৈছে ক্ৰমে আৰমান আলি,সোণকন বৰা,নিৰ্মল গগৈ,কলা জান আলি, বিজয় চাবুকধৰা,ললিত গগৈ, ৰতন হাজং,সচিন চেত্ৰী, দুমাল শৰ্মা, সুকেশ্বৰ গগৈ,মাজৰ নাৰ্জাৰী আৰু হৰিপদ ৰাজবংশী। চিলাপথাৰ থানাত বাল্যবিবাহ সম্পৰ্কীয় মুঠ ৪০ টা গোচৰ পঞ্জীয়ন হৈ থকাৰ বিপৰীতে ১২ জন স্বামীক শুকুৰবাৰে আটক কৰিছে। বাকীসকল এই পৰ্যন্ত পলাতক হৈ আছে যদিও অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে জানিব দিছে।

আৰু পঢ়কঃ মায়ংত আৰক্ষীৰ অভিযান, আটক ৫ অবৈধ স্বামী

crime child marriage Assam police