মায়ংত আৰক্ষীৰ অভিযান, আটক ৫ অবৈধ স্বামী

মৰিগাঁও জিলাৰ মায়ঙৰ বিভিন্ন গাঁৱৰ পৰা বৃহস্পতিবাৰে নিশা আৰক্ষীৰ অভিযানত ৫ জন অবৈধ

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল ডেস্ক,মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ বিভিন্ন গাঁৱৰ পৰা বৃহস্পতিবাৰে নিশা আৰক্ষীৰ অভিযানত ৫ জন অবৈধ স্বামী আটক কৰে। ইয়াৰ ভিতৰত বাল্য বিবাহ কৰাৰ অপৰাধত অবৈধ স্বামী এজন আৰু আন ৪ জন দৰাৰ আত্মীয় বুলি জানিব পৰা গৈছে।

বহু দৰা ইতিমধ্য পলাতক হৈছে। আৰক্ষীৰ অভিযান অব্যাহত আছে। মায়ঙত আটকাধীন কেইজন হ'ল চাইফুল ইছলাম ( আবুল কালামৰ ভাইটি),খলা ভূঞাৰ আবু চায়েদক নাপাই দুই ভাতৃ জাহেদ আলী আৰু জাকিৰ হুছেইন আটক,বৰকুৰানীৰ মেৰাজুলক নাপাই ফৰিজুলক আটক,আৰু কাছশিলাৰ পৰা অবৈধ স্বামী প্ৰসেনজিত মণ্ডলক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আৰু পঢ়কঃ বকোত ৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব কামৰূপ জিলা ৰাভা সন্থাৰ লগতে পাচ সংগঠনৰ বাৰ্ষিক অধিৱেশন

crime Assam police