অসমৰ মূল সমস্যাৰ কথা একোৱেই নক'লে কেজৰিৱালে: অখিল

২ এপ্ৰিলত অসমলৈ আহিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।

author-image
Asomiya Pratidin
New Update
অসমৰ মূল সমস্যাৰ কথা একোৱেই নক'লে কেজৰিৱালে:  অখিল

ডিজিটেল ডেস্কঃ ২ এপ্ৰিলত অসমলৈ আহিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। কেজৰিৱালৰ অসম ভ্ৰমণৰ পাছতেই বিভিন্ন জনে তেওঁৰ ভাষণৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Advertisment

এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে। কেজৰিৱালে দিয়া ভাষণত সন্তুষ্ট নহয় গগৈ। তেওঁ কয় যে , কেজৰিৱাল প্ৰথমবাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে অসমলৈ আহিছে। অসমৰ বিভিন্ন মূল সমস্যা সমূহৰ বিষয়ে তেওঁ ক'ব লাগিছিল। জনগোষ্ঠীকৰণ, নদীবান্ধ, বিশেষ ৰাজ্য কৰ্তন আদি বিভিন্ন সমস্যাৰ বিষয়ে শুনাৰ বাবে মানুহে আশা কৰিছিল। কিন্তু অসমীয়া জাতীয় সমস্যাৰ বিষয়ে কেজৰিৱালে একো নক'লে।

সস্তীয়া ৰাজনীতিবিদৰ দৰে তেওঁ ভাষণ প্ৰদান কৰা দেখা যায়। হিতাধিকাৰী, বিনামূলীয়া আঁচনি আদিৰ প্ৰতিশ্ৰুতি তেওঁ দি গ'ল। কালিৰ কেজৰিৱালৰ মন্তব্য আৰু নৰেন্দ্ৰ মোডীৰ ২০১৪ মন্তব্যৰ মাজত কোনো পাৰ্থক্য নাই।

তেওঁ কয় যে, কেজৰিৱালে দিল্লী মডেলৰ কথা ক'লে। কিন্তু দিল্লী চাই অসমৰ পৰিকল্পনা কৰা সহজ নহয়। দিল্লী এখন সৰু ঠাই। ৰাজহৰ পৰিৱৰ্তে তাত খৰচ নাই। গতিকে দিল্লীৰ লগতে অসমৰ মডেল তুলনা নহয়।

আনহাতে ভোট খুজাৰ পৰিৱৰ্তে কেজৰিৱালে পৰিৱৰ্তনৰ কথা ক'ব লাগিছিল বুলি কয় গগৈয়ে। নৰেন্দ্ৰ মোডীৰ দৰে অৰ্ধ সত্য কৈ গ'ল কেজৰিৱালে।

Also Read: ৫ মাহ ধৰি অপেক্ষা পৰিয়ালৰ! ন্যায় পাব নে খিলেশ্বৰ শৰ্মাই?

arvinda kejriwal akhil gogoi