ৰূপহীহাটত বাল্য বিবাহৰ অপৰাধত মুন্সীক গ্ৰেপ্তাৰ

ৰূপহীহাটত বাল্য বিবাহৰ অপৰাধত মুন্সীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ৰূপহীহাটঃ ৰূপহীহাটত শুকুৰবাৰে এজন মুন্সীয়ে বাল্য বিবাহ সম্পন্ন কৰোতে আৰক্ষীৰ জালত পৰি গ্ৰেপ্তাৰ হয় ৷ উল্লেখ্য যে ৰূপহীহাটৰ আৰক্ষীয়ে কিছু দিনধৰি বাল্য বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

সমগ্ৰ ৰাজ্যত বাল্য বিবাহৰ বিষয়টোক লৈ চৌদিশ উত্তাল হৈ থকাৰ সময়তে আজি ৰূপহীহাট আৰক্ষীয়ে পশ্চিম শিঙিমাৰীৰ পৰা বাল্য বিবাহ সম্পন্ন কৰা এজন মুন্সী আৰু মুন্সী জনৰ সহায়কাৰী এজনকে ধৰি মুঠ ২ জনক গ্ৰেপ্তাৰ কৰে ৷

জানিব পৰা মতে গ্ৰেপ্তাৰ কৰা মুন্সীজনৰ নাম উকাল উদ্দিন ৷ পশ্চিম শিঙিমাৰীৰ এটা পৰিয়ালত ধৃত উকাল উদ্দিন বাল্য বিবাহ সম্পন্ন কৰিছিল আৰু তেওঁৰ সহকাৰীজনে সকলো দিশৰ পৰা সহায় কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in