বটদ্ৰৱাৰ নসত্ৰত অখণ্ড ভাগৱত পাঠ

বটদ্ৰৱাৰ নসত্ৰত অখণ্ড ভাগৱত পাঠ
বটদ্ৰৱাৰ নসত্ৰত অখণ্ড ভাগৱত পাঠ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্ৰ মুকলি গাঁৱৰ পুৰণি নামঘৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অখণ্ড ভাগৱত পাঠ আৰম্ভ হয়। বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত নসত্ৰ মুকলি গাঁৱৰ ভাগৱত পাঠৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰাই।

জিতুমণি বৰাই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নামাচাৰ্য যজ্ঞ বৰুৱা আৰু লক্ষেশৰ বৰুৱাই। ধৰ্মধ্বজা উত্তোলন কৰে ক্ষিতিকান্ত মেধিয়ে। পাছত খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গ আদি অনুষ্ঠানৰ অন্তত ভাগৱত পাঠ আৰম্ভ হয়।

অনুষ্ঠানটিত ভাগৱত পাঠ পৰিচাননা সমিতিৰ সভাপতি সোমেশ্বৰ বৰা, সম্পাদক বিবিপি শইকীয়া, মনোজ মহন্ত, ভাগৱত পাঠ, ঘনকান্ত মহন্ত, দিলীপ বৰুৱা, গিৰিশ বৰা, গংগা ৰাম বৰা, ৰুদ্ৰ শান্ত বৰাকে আদি কৰি শতাধিক ভকত বৈষ্ণৱ, আইমাতৃসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in