আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস,পৰ্যটনৰ হটস্পট কাজিৰঙাত নিমাওমাও পৰিৱেশ

পৰ্যটনৰ হটস্পট কাজিৰঙাত নিমাওমাও পৰিৱেশ
পৰ্যটনৰ হটস্পট কাজিৰঙাত নিমাওমাও পৰিৱেশ

ডিজিটেল সংবাদ, কাজিৰঙা: আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস ৷ সমগ্ৰ ভাৰততে পৰ্যটন ক্ষেত্ৰসমূহত উদযাপন হৈছে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস ৷ কিন্তু অসম পৰ্যটনৰ হৃদপিণ্ড স্বৰূপ কাজিৰঙাত আজিৰ দিনটোত নিমাওমাও পৰিৱেশ ৷

অসম পৰ্যটনৰ কাজিৰঙাত থকা জুপুৰী ঘৰ,অৰণ্য,কুঞ্জবন,বনশ্ৰী, বনানীকে ধৰি মুঠ ৫ খন অতিথিশালাৰে এতিয়া জৰাজীৰ্ণ ৰূপ ৷ এজাক বতাহ দিলেই উৰুৱাই নিয়ে টিনপাত,ভাঙি লৈ যায় দুৱাৰ ৷ ক'ৰবাত যদি নাই বিছনা আন ক'ৰবাত নাই খিৰিকী ৷

ইয়াৰে দুখন পৰ্যটন নিৱাস ইতিমধ্যে জহি-খহি শেষ হ'ল । আনহাতে কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ নৈশ যাপনৰ বাবে প্ৰথম পচন্দ হৈ পৰা জুপুৰী ঘৰ নামৰ অতিথিশালাটো সম্প্ৰতি মৰিশালীত পৰিণত হৈ পৰিছে ৷ ডাঠ হাবিয়ে আবৰি ধৰিল অসম পৰ্যটনৰ জুপুৰী ঘৰ ৷ পৰ্যটন বিভাগৰ পৰ্যটক নিবাসসমূহৰ উন্নয়নৰ প্ৰতি ৰাজ্য চৰকাৰৰ তিলমানো আগ্ৰহ নোহোৱাৰ বাবে পৰ্যটন নিবাসসমূহৰ আৰম্ভ হৈছে শ্মশান যাত্ৰা ৷

তাৰ মাজতে শেহতেয়াকৈ অসম পৰ্যটন বিভাগৰ অধীনস্থ " এই জুপুৰি ঘৰ" নামৰ পৰ্যটক নিবাসটোও কেৱল চৰকাৰ অৱহেলাৰ বাবে জহি-খহি যোৱাৰ উপক্ৰম হৈছে ৷ আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি বাঁহেৰে নিৰ্মিত অসম আৰ্হিৰ বহু কেইটা কটেজেৰে আটকধুনীয়াকৈ নিৰ্মান কৰা জুপুৰি ঘৰ আছিল দেশী পৰ্যটকৰ লগতে বিদেশী পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ৷

উল্লেখ্য যে ২০০৭ চনতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্ধোধন কৰা পৰ্যটক নিবাসটো ব্যক্তিগত খণ্ডৰ যোগেদি চলাই আছিল অসম পৰ্যটন বিভাগে ৷ য’ত ৫০ জনতকৈ অধিক স্থানীয় যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছিল ৷ কিন্তু ২০১৮ চনত ব্যক্তিগত খণ্ডৰ লগত চুক্তিৰ ম্যাদ অন্ত পৰাৰ পাছতে তলা ওলমিল সাৱলীলভাৱে চলি থকা জুপুৰি ঘৰত ৷

এতিয়া প্ৰায় ৩ টা বছৰ অৱহেলিতভাৱে পৰি থকা জুপুৰিত ভূত বাংল’ সদৃশ পৰিৱেশে বিৰাজ কৰিছে ৷ হাবি জংঘলেৰে আৱৰি ধৰিছে আটকধুনীয়া কটেজসমূহ ৷ জহি-খহি গৈছে পৰ্যটক নিবাসটোৰ প্ৰতিটো কটেজৰ লগতে আচবাব ৷ আনহাতে ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ দিনটো কাজিৰঙাত উদযাপন নকৰাটো দুখজনক বুলি মন্তব্য কৰিছে কাজিৰঙাৰ সচেতন মহলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in