/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3f84481d-316f-449d-aa88-3cc86313dc5c/download.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : অকাল মৃত্যুক সাৱটিলে চৰাইদেউৰ এটি শিশুৱে। মথুৰাপুৰ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তগৰ্ত চলা বনাঞ্চলৰ সমীপৰ বনগাঁৱত বুধবাৰে অতি দুৰ্ভাগ্যজনকভাৱে পানীত পৰি এগৰাকী তিনিবছৰীয়া কণমানি কন্যা শিশুৰ মৃত্যু হয় ।
এই শোকাৱহ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ জানিব পৰা মতে কন্যা শিশুটিয়ে খেলি থকা অৱস্থাত ঘৰৰ নিচেই সমীপৰ পুখুৰীত পিছলি পৰি কৰুণ মৃত্যুক সাৱতি লয় ৷ পানীত পৰি মৃত্যু হোৱা কণমানিজনীৰ নাম অস্মিতা বৰুৱা ৷
Also Read: কুমাৰীকাটাত একল অভিযানৰ বাৰ্ষিক সন্মিলন