কুমাৰীকাটাত একল অভিযানৰ বাৰ্ষিক সন্মিলন

পবিত্ৰ মনৰ লোকসকলক ভগৱানে চকু মেলি চায় : দীপক শৰ্মা
কুমাৰীকাটাত একল অভিযানৰ বাৰ্ষিক সন্মিলন

ডিজিটেল ডেস্কঃ অতি পিছপৰা অঞ্চলত তথা এজনীয়া শিক্ষকেৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান "একল অভিযান"ৰ বাক্সা অঞ্চলৰ বাৰ্ষিক সন্মিলন বুধবাৰে ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাত আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হয় । পুৱা চাফাই অভিযানৰ অন্তত বৃক্ষৰোপণ কৰে ক্ৰমে লক্ষী দাস পানিকা আৰু সত্যজিৎ পাঠকে ।

পুৱা ৯:৩০ বজাত পতাকা উত্তোলন কৰে একল অভিযানৰ বাক্সা অঞ্চলৰ সভাপতি বাসুদেৱ উপাধ্যায়ে । ইয়াৰ পিছত বৰ্ণাঢ্য শোভাযাত্ৰা মুকলি কৰে গোৰেশ্বৰৰ মন্টু ডেকাই । শোভাযাত্ৰাৰ অন্তত বাসুদেৱ উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত হয় ।

অভিযানৰ সাধাৰণ সম্পাদক শৈলেন স্বৰ্গীয়াৰীয়ে আদৰণি সম্ভাষণ জনোৱা সভাখনি উদ্ধোধন কৰে মধু নাৰ্জাৰীয়ে । সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি, সাহিত্যিক দীপক শৰ্মা।

মুখ্য অতিথিৰ ভাষণত কবি শৰ্মাই কয় "বহু প্ৰতিভা মফচল চহৰতে আছে । একল অভিযানে লোৱা প্ৰচেষ্টা অতি আদৰণিয়, প্ৰশংসনীয় । সৎ চিন্তাধাৰাৰ লোকসকল সমাজত প্ৰতিষ্ঠিত হয় । সেয়েহে, সৎ কৰ্ম, সৎ ভাৱনা, সৎ মানসিকতাৰ গৰাকী হ'ব লাগে । পবিত্ৰ মনৰ লোকসকলক ভগৱানে চকু মেলি চায় ।"

সভাত বিশিষ্ট অতিথি হিচাপে কোকৰাঝাৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা একল অভিযানৰ বিষয়ববীয়া মাজেন্দ্ৰ গয়াৰীয়ে কয় "আমি সৰু সৰু কথাৰে, চিন্তাৰে আগুৱাই যাব লাগিব । বিশ্বব্যাপী চিন্তাৰ গৰাকী সকল গ্ৰাম্যাঞ্চলৰে ।"

সভাত কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰিৰাম উপাধ্যায়, গোৱালপাৰাৰ চন্দ্ৰকান্ত ৰয় আদিয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশ লয় । সভাত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বিভা চাওৰাই ১০০ আৰু ২০০ মিটাৰ দৌৰত লক্ষ্ণৌত অনুষ্ঠিত খেলত শ্ৰেষ্ঠ হোৱা বাবে সম্বৰ্ধনা জনায় ।

অনুষ্ঠানত ঝুমুৰ নৃত্য (চাহ বাগান), মাৰুনী নৃত্য (নেপালি নৃত্য), উড়িয়া নৃত্য, বড়ো নৃত্য, সাউতাল নৃত্য, অসমীয়া আধুনিক নৃত্য, ভাৰত নাট্যমৰ লগতে কেইবাজনো ছাত্ৰ- ছাত্ৰীয়ে কবিতা আবৃত্তি, গীত পৰিৱেশন কৰে । সমগ্ৰ অনুষ্ঠানটি আঁত ধৰে উদ্ধৱ পাঠক আৰু শেখৰ চেত্ৰীয়ে ।

কুমাৰীকাটাত একল অভিযানৰ বাৰ্ষিক সন্মিলন
পাঞ্জাৱ নেচনেল বেংকত লক্ষাধিক টকাৰ কেলেংকাৰী পতি-পত্নীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in