নিষ্ঠুৰ! বস্তাত ভৰাই পেলাই থৈ গ'ল নৱজাতকৰ মৃতদেহ, কুকুৰে নিলে...

বৰপথাৰত বচাপথাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। উৱলি যোৱা অৱস্থাত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ। দেওবাৰে উদ্ধাৰ হয় মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
পদপথৰ কুকুৰ ধৰি শ্বিলঙলৈ সৰবৰাহ, আটক এজন

dog

ডিজিটেল ডেস্কঃ বৰপথাৰত বচাপথাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। উৱলি যোৱা অৱস্থাত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ। দেওবাৰে উদ্ধাৰ হয় মৃতদেহটো।

Advertisment

উদ্ধাৰৰ সময়ত মৃতদেহটো এটা বস্তাত ভৰাই থোৱা অৱস্থাত আছিল। ললিত বড়ো নামৰ এজন লোকৰ ঘৰৰ বাৰীত উদ্ধাৰ মৃতদেহটো। বস্তাটো কুকুৰে কামুৰি লৈ যোৱা প্রত্যক্ষ কৰে বড়োৰ পৰিয়ালৰ লোকে। তেতিয়াই সন্দেহ হৈ খবৰ দিয়ে বৰপথাৰ আৰক্ষীক।

লগে লগে ঘটনাস্থলীত উপস্থিত হয় গাঁওৰক্ষী বাহিনীৰ লগতে বৰপথাৰ আৰক্ষী। মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে আৰক্ষীয়ে। কিন্তু কোনো, কেনেকৈ মৃতদেহটো পেলাই থৈ গ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Also Read: চিলাপথাৰত সন্মিলিত গণ শক্তিৰ বিশাল অধিৱেশন...

Assam police barpathar