চিলাপথাৰত সন্মিলিত গণ শক্তিৰ বিশাল অধিৱেশন...

সন্মিলিত গণশক্তিৰ প্ৰতিষ্ঠাপক নেতা বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুৰ অবৰ্তমানতো পূৰ্বৰ দৰেই শক্তিশালী হৈ আছে সন্মিলিত গণশক্তি অসম।
চিলাপথাৰত সন্মিলিত গণ শক্তিৰ বিশাল অধিৱেশন...

ডিজিটেল সংবাদ, চিলাপথাৰঃ সন্মিলিত গণশক্তিৰ প্ৰতিষ্ঠাপক নেতা বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুৰ অবৰ্তমানতো পূৰ্বৰ দৰেই শক্তিশালী হৈ আছে সন্মিলিত গণশক্তি অসম। দেওবাৰে চিলাপথাৰত অনুষ্ঠিত এক বিশাল অধিৱেশনত সেই কথাই প্ৰমাণিত হল। সমধিকাৰ, সমমৰ্যদা আৰু সম উন্নয়নক মূলমন্ত্ৰ হিচাপে লৈ ২০০৫ বৰ্ষত গঠিত সন্মিলিত গণশক্তিৰ আজি এক বিশাল অধিৱেশন চিলাপথাৰত অনুষ্ঠিত হয়।

চিলাপথাৰ দঃঞি পঃল সাংস্কৃতিক প্ৰকল্পত সন্মিলিত গণশক্তিৰ পঞ্চম আৰু ভগ্নি সংগঠন সন্মিলিত নাৰী শক্তিৰ তৃতীয় ত্ৰি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ল। এই অধিৱেশনত দেখা গ'ল বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ লোক। কেবল এটা ব্লক সমিতিৰ অধিৱেশনতে দেখা গল সৰ্বজনগোষ্ঠীয় দহ সহস্ৰাধিক লোকৰ বিশাল উপস্থিতি। সমাগত নিৰ্বাচনৰ পূৰ্বে সৰ্বস্তৰৰ কৰ্মীক একত্ৰ কৰি অধিক সাৱলীকৰণ কৰাৰ মানসেৰে এখকেখন মঞ্চত মিলিত হ'ল দহ সহস্ৰাধিক লোক।

আলোচনা কৰিলে দলটোৰ সাংগঠনিক দিশৰ লগতে সমাগত সময়ত ল'ব লগা বহু গুৰুত্বপূৰ্ণ পৰিকল্পনা। মনোযোগেৰে শুনিলে বিভিন্ন ব্লক আৰু আঞ্চলিকৰ কৰ্মকৰ্তাৰ ওজৰ আপত্তি আৰু প্ৰতিবেদন। গণশক্তিৰ ওপজা ভূমিত অনুষ্ঠিত এই বিশাল অধিৱেশনৰ দলটোৰ শক্তিশালী আত্মপ্ৰকাশে বিশেষ তাৎপৰ্য প্ৰদৰ্শন কৰিলে।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ পূৱা বৃক্ষৰ পুলি ৰোপন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে গণশক্তিৰ চিচি ব্লক কাৰ্যকৰী সভাপতি ৰমা বৰুৱা আৰু নাৰী শক্তিৰ কেন্দ্ৰীয় উপ সভানেত্ৰী গুণ চুতীয়াই। ব্লক সভাপতি গোপাল চুতীয়াই পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ কৰে ব্লক সম্পাদক ভাস্কৰ চুতীয়াই। ধেমাজি জিলা পৰিষদৰ সদস্য মোহন গগৈয়ে উদ্বোধন কৰা প্ৰতিনিধি সভাৰ পৰ্যবেক্ষক ৰুপে উপস্থিত থাকে এম এ চিৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম।

ইয়াৰ পিছতে অনুষ্ঠিত হ'ল দুখনকৈ মনোজ্ঞ আলোচনাচক্ৰ। সমল ব্যক্তি হিচাপে ভাগ ললে জোনাইৰ বিধায়ক ভূৱন পেগু আৰু এম এ চি'ৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়া। মঞ্চত দেখা গ'ল সন্মিলিত নাৰী শক্তি সভানেত্ৰী ভৱানী দুৱৰা, এম এ চিৰ কাৰ্যবাহী সদস্য জ'হান দলে,সাধাৰন সদস্য কনক দলে,প্ৰতাপ চন্দ্ৰ টায়ে, চিলাপথাৰ পৌৰসভাৰ পৌৰপতী লাবন্য পাইত দলে,চিচি আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱ পেগুৰ লগতে ব্লক গণশক্তিৰ সভাপতি গোপাল চুতীয়া, সম্পাদক ভাস্কৰ চুতীয়াৰ লগতে মাহতাব হুছেইন, ক্ষীৰোদ ভূঞা,প্ৰজ্বলিতা শইকীয়া আদি গণশক্তি- নাৰীশক্তিৰ প্ৰতিষ্ঠা লগ্নৰে পৰা জৰিত অনেক নেতা কৰ্মী আৰু জনগোষ্ঠীয় সংগঠনৰ বহু শীৰ্ষ নেতাক। সভাত উপস্থিত থাকি জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে__ গণশক্তি আৰু বিজেপিৰ লক্ষ্য আৰু আদৰ্শৰ বিশেষ পাৰ্থক্য নাই।

পিছপৰা সমাজৰ সামগ্ৰীক উন্নয়ন আৰু পৰিৱৰ্তনে দুয়োটা দলৰ মূল উদ্দেশ্য। সাম্প্ৰতিক সময়ত আঞ্চলিক দলৰ প্ৰাসংগিকতা আছে বুলি মন্তব্য কৰি বিধায়ক জনে সমাগত সময়ত উন্নয়ন আৰু সুস্থ সমাজ গঠনৰ মহৎ উদ্দেশ্যৰ বাবে বিজেপি আৰু গন শক্তি দলে যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হব বুলি একালত নিজে জন্ম দিয়া সন্মিলিত গণশক্তিক শক্তিশালী কৰি তুলিবলৈ ভাষন প্ৰসংগত বহু গঠনমূলক পৰামৰ্শ প্ৰদান কৰে। প্ৰগতিশীল দেশ গঠন কৰাৰ এক বিশাল মঞ্চ বুলি মন্তব্য কৰে গণশক্তিৰ শীৰ্ষ নেতাই।

চিলাপথাৰত সন্মিলিত গণ শক্তিৰ বিশাল অধিৱেশন...
কোকৰাঝাৰত হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in