ঘিলামৰাৰ ঘাহিবাৰীত পানীত ডুবি শিশুৰ অকাল বিয়োগ

ঘিলামৰাৰ ঘাহিবাৰীত পানীত ডুবি শিশুৰ অকাল বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: এক মৰ্মান্তিক ঘটনাই ঢকুৱাখনাবাসীক শোকাচন্ন কৰি তুলিছে। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বাগিচা গাঁওৰ এটি কণমানি শিশু ঘিলামৰা থানাৰ অন্তৰ্গত ঘাহিবাৰী গাঁৱত গৈ সাৱটি লয় অকাল মৃত্যুক।

ঘটনাৰ বিবৰণী মতে ঢকুৱাখনা বাগিচা গাঁওৰ বিপুল সন্দিকৈ পত্নীসহ ৩ বছৰীয়া পুত্ৰ বিভান সন্দিকৈক লৈ ঘাহিবাৰী গাঁওস্থিত মোমায়েকৰ ঘৰলৈ গৈছিল। বৃহস্পতিবাৰে পুৱা স্বাভাৱিক ভাৱেই খেলি থকা নিৰ্বোধ বিভানে সম্ভৱতঃ পোহনীয়া চৰাই অনুসৰণ কৰি গৈ আকস্মিক ভাৱে ওচৰৰ এটা পানী ভৰ্তি জানত পৰি যায় ।

পুৱা প্ৰায় ৭-৩৫ বজাত সংঘটিত এই কৰুণ ঘটনাৰ বহু পাছত শিশুটিক বিচাৰি আত্মীয়ই চলাথ কৰি ওচৰৰ জানটোত সন্ধান চলাই মাতৃয়ে শিশুটিক উদ্ধাৰ কৰে। লগে লগে মুমূৰ্ষু শিশুটিক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে।

পৰৱৰ্তী সময়ত শিশুটিক বাগিচা গাঁওৰ পিতৃ গৃহলৈ নিয়া হয় যদিও এই সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীক অৱগত কৰাত আৰক্ষী গৈ মৃতদেহটো চমজি লৈ ঘিলামৰা আৰক্ষী থানালৈ প্ৰেৰণ কৰে। কাৰ্যবাহী দণ্ডাধীশ জোনমণি সোনোৱালৰ উপস্থিতিত মৃতদেহৰ চুৰতশাল কৰাৰ পাছত ঘিলামৰা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পাতাললৈ প্ৰেৰণ কৰি এটা গোচৰ পঞ্জীয়ন কৰিছে। এটি নিৰ্বোধ শিশুৰ আকস্মিক মৰ্মান্তিক বিয়োগৰ খবৰে সমগ্ৰ মহকুমাটোত শোকৰ ছাঁ পেলাইছে।

ঘিলামৰাৰ ঘাহিবাৰীত পানীত ডুবি শিশুৰ অকাল বিয়োগ
এনিমেল কৰিডৰত স্থাপন কৰা ডাষ্টবিনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কাজিৰঙাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in