এনিমেল কৰিডৰত স্থাপন কৰা ডাষ্টবিনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কাজিৰঙাত

এনিমেল কৰিডৰত স্থাপন কৰা ডাষ্টবিনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কাজিৰঙাত।

author-image
Asomiya Pratidin
New Update
এনিমেল কৰিডৰত স্থাপন কৰা  ডাষ্টবিনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কাজিৰঙাত

ডিজিটেল সংবাদ, কাজিৰঙাঃ এনিমেল কৰিডৰত স্থাপন কৰা ডাষ্টবিনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কাজিৰঙাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী এনিমেল কৰিডৰত পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তে ডাষ্টবিন নিৰ্মাণকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী তথা দল সংগঠনে ৷

Advertisment

উল্লেখ্য যে এনিমেল কৰিডৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিভিন্ন সময়ত গঁড়, হাতী, ম'হ, পহুকে আদি কৰি বিভিন্ন বন্যজীৱৰ সঘন আহ-যাহ হয় । তেনে ক্ষেত্ৰত এনিমেল কৰিডৰত ডাষ্টবিন স্থাপনে বন্যজীৱৰ অপকাৰ সাধন কৰিব বুলি প্ৰকাশ কৰে কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী তথা দল সংগঠনৰ প্ৰতিনিধিয়ে।

ইপিনে কাজিৰঙাৰ এনিমেল কৰিডৰত সকলো নিমাৰ্ণকাৰ্য বন্ধ থকাৰ পিছতো পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তে কি প্ৰয়োজনত এনিমেল কৰিডৰত ডাষ্টবিন নিৰ্মাণ কৰিবলৈ ওলাইছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ব্যক্তিয়ে। প্লাষ্টিক নিষিদ্ধ এৰিয়াত ডাষ্টবিন নিৰ্মাণ নকৰিবলৈ আহ্বান দল সংগঠনৰ ৷

Also Read: 'কংগ্ৰেছে কেৱল আঁচনি ঘোষণা কৰিছিল, সকলো কাৰ্যকৰী কৰিছে মোডী নেতৃত্বাধীন চৰকাৰে'

kaziranga national park