গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত বীৰ চিলাৰায় দিৱস

পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত চিলাৰায় দিৱসত হুংকাৰ আক্ৰাছুৰ
গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত বীৰ চিলাৰায় দিৱস

ডিজিটেল সংবাদ,দুধনৈ: শীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত আক্ৰাছুৰ উদ্যোগত চলিব তীব্ৰ আন্দোলন ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলত অনুষ্ঠিত হোৱা ৫১৩ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসত এই হুংকাৰ আক্ৰাছুৰ গোৱালপাৰা জিলা সম্পাদক প্ৰাণজিৎ দাসৰ ৷

লগতে সসস্ত্ৰ পন্থাৰ পৰা ওলাই অহা কে এল অৰে জনগোষ্ঠীয় দাবী সংক্ৰান্তত শীঘ্ৰে ফলপ্ৰসূ শান্তি আলোচনা আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায় ৷ অন্যথা পুনৰ সসস্ত্ৰ পন্থাৰ প্ৰতি আকৃষ্ট হ’ব জনগোষ্ঠীয় যুৱ সমাজ ৷

শনিবাৰৰ পৰা গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ-ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত কৃষ্ণাইৰ বেকীপুলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ দেওবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি উলিওৱা হয় বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য-গীত, কৃষ্টি-সংস্কৃতিৰে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ।

এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভ উদ্বোধন কৰে কণ্ঠশিল্পী তথা সংগীত পৰিচালক অজয় ফুকনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in