/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/46a919c6-6c8e-4e00-91a1-c26b5faefca3/e1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ শৈৱ ভক্তসকলক একগোট কৰি, সামূহিক শৈৱ চৈতন্য জাগ্ৰত কৰাৰ উদেশ্যে মৰিগাঁও জিলাৰ কহুঁৱাআটী সাৰ্বজনীন শিৱ মন্দিৰ প্ৰাংগনত শনিবাৰে আন্তৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাবেশ অনুষ্ঠিত হয়। আন্তৰাষ্ট্ৰীয় শৈৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক চন্দ্ৰমোহন শৈৱই আঁত ধৰা অনুষ্ঠানটিত ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকে।
বিধায়কগৰাকীয়ে কয় "জীৱৰ কোনো উচ্চ নীচ নাই, সকলো এক ঈশ্বৰৰ সন্তান। আমি সকলো পৰমপিতাৰ সন্তান।" বুলি ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে মাংগলিক কাৰ্য, বন্তি প্ৰজ্বলন, মংগলাচৰণ আৰু মহাদৈবিক সংগীতৰ পাছতে আন্তৰাষ্ট্ৰীয় শৈৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুমিত্ৰ গোস্বামী, কাৰ্য্যকৰী সভাপতি অভিজিৎ বৰা, বিশ্ব সনাতনী সংঘৰ ৰাষ্ট্ৰীয় সভাপতি আৰু শৈৱ মহাসংঘৰ উপসভাপতি ডাঃ দীপক মজুমদাৰ, ওঁম মণ্ডলী সেৱা সংস্থাৰ আচাৰ্যা লক্ষ্মীপ্ৰভা দেৱী, ৰাধিকা শইকীয়া, ধৰ্মেশ্বৰ বৰদলৈকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে সনাতন পৰম্পৰাৰ শৈৱ মাৰ্গ, ভক্তি মাৰ্গ, আধ্যাত্মিকতা বিষয়ক ভাষণ প্ৰদান কৰে।
জ্যোতিৰ্ময় চন্দন গিৰি, অনন্যা বিদ্যাভাৰতী, পৰম জ্যোতি বৰদলৈকে আদি কৰি ভকত বৈষ্ণৱ, আইমাতৄ, যুৱক যুৱতী সহ সহস্ৰাধিক লোক উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিতে বৈষ্ণৱ চন্দ্ৰমোহন শৈৱৰ দ্বাৰা ৰচিত "উপদেশ মালা" শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়।
আৰু পঢ়কঃ মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তীৰ দিনাই এই হুংকাৰ আক্ৰাছুৰ