ডিজিটেল সংবাদ হাটশিঙিমাৰীঃ দুদিনীয়া কাৰ্য্যসূচীৰে আজি হাটশিঙিমাৰীত উপস্থিত হৈছে অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাথি। প্ৰধান সচিবগৰাকী জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন, ৰাজহ বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, বন বিভাগৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।
প্ৰধান সচিবগৰাকী বৃহস্পতিবাৰে পুৱা বাংলাদেশ সীমান্তবৰ্তী এলেকাত গৰাখহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰিব। ইয়াৰ পিছত মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়া কৰ্মচাৰীৰে বৈঠক অনুষ্ঠিত কৰি কালাপানী আৰক্ষী চকীত উপস্থিত হ’ব।
মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ঢলৰ ফলত কালাপানী আৰক্ষী চকী খহনীয়াৰ কবলত পৰিছে। কালাপানী আৰক্ষী চকীৰ খহনীয়া পৰিদৰ্শন কৰি গুৱাহাটীলৈ ৰাওনা হ’ব বুলি জিলা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।