মুখ্যমন্ত্ৰীৰ ঘোষণা- ঘূৰাই দিব নালাগে সুদৰ টকাঃ কিন্তু...

মানিব লাগিব কিছু নীতি নিয়ম
মুখ্যমন্ত্ৰীৰ ঘোষণা- ঘূৰাই দিব নালাগে সুদৰ টকাঃ কিন্তু...
মুখ্যমন্ত্ৰীৰ ঘোষণা- ঘূৰাই দিব নালাগে সুদৰ টকাঃ কিন্তু...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই শতাধিক সুদখোৰক আটক কৰাৰ উপৰিও জে'ললৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ এই অভিযান অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৰিলে এক ডাঙৰ ঘোষণা।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰিলে কোনো লোকে সুদৰ টকা আৰু সুদখোৰক ঘূৰাই দিব নালাগে। অৱশ্যে এই ক্ষেত্ৰত থাকিব কেতবোৰ নীতি নিয়ম। এই সন্দৰ্ভত দুই, এদিনেত সবিশেষ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিব বুলিও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ৰাজ্যজুৰি শেহতীয়াকৈ সুদখোৰৰ দৌৰাত্ম্য বৃদ্ধি হোৱাৰ সমান্তৰালকৈ সুদলৈ ধন লোৱা লোকৰ ওপৰত এই সুদখোৰৰ এক প্ৰকাৰৰ সন্ত্ৰাস চলিছিল। অকৰ্তৃত্বশীলভাৱে ভয়, ভাবুকিৰে সুদলৈ টকা লোৱা ব্যক্তিৰ বেংকৰ পাছবুক, এ টি এম, বাহন আদি জব্দও কৰিছিল একাংশ সুদখোৰে।

সুদখোৰৰ এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ লোৱাৰো উদাহৰণ আছে অসমত। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা সুদখোৰ বিৰোধী অভিযানে জনসাধাৰণৰ পৰা সমৰ্থনো লাভ কৰিছে।

কিন্তু মুখ্যমন্ত্ৰীৰ আজিৰ ঘোষণাই কিছু সমস্যাৰো সৃষ্টি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই। সুদলৈ অনা টকা ঘূৰাই দিব নালাগে বুলি কৰা ঘোষণাই সুদখোৰ আৰু সুদলৈ টকা লোৱা লোকৰ মাজত সংঘাতৰো সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

অৱশ্যে এইবোৰ নিৰ্ভৰ কৰিব চৰকাৰে গ্ৰহণ কৰিবলগীয়া পৰৱৰ্তী পদক্ষেপৰ ওপৰত। কি কি নিয়মৰ ভিত্তিত সুদৰ টকা ঘূৰাই দিব নালেগে সেই বিষয়ে নীতি প্ৰস্তুত কৰি ৰাজহুৱা কৰাৰ পাছতহে স্পষ্ট হ'ব সমগ্ৰ বিষয়টো।

উল্লেখ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ৰাজ্যত মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ এক আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিয়ে বহু মহিলাক ঋণমুক্ত কৰিলে যদিও এই আঁচনিৰ পাছতো বহু মহিলা অৱশ্যে বিপদতো পৰিছে। তথাপিও অধিকাংশ মহিলাই এই আঁচনিৰ জৰিয়তে ঋণমুক্ত হ'বলৈ সক্ষম হৈছে।

মুখ্যমন্ত্ৰীৰ ঘোষণা- ঘূৰাই দিব নালাগে সুদৰ টকাঃ কিন্তু...
নাবাৰ্ডৰ মহিলা বিষয়া, কৰ্মচাৰীৰ জনজাতি উন্নয়ন প্ৰকল্প পৰিদৰ্শন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in